আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্রতিনিধিয়ে সন্ত্রাসবাদী ৰাষ্ট্র হিচাপে পাকি স্তানক ঘোষণা কৰিব লাগে বুলি হােৱাইট হাউছত দাখিল কৰা আবেদনখনে অভিলেখ সংখ্যক স্বাক্ষৰ লাভ কৰিবলৈ সক্ষম হৈছে। পাকিস্তানক সন্ত্রাসবাদী ৰাষ্ট্র চিহ্নিত কৰা আবেদনখনৰ সোমবাৰে চূড়ানগণনাত ৫০,০০০তকৈ অধিক স্বাক্ষৰ নতুনকৈ পঞ্জীয়নভুক্ত হােৱাৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সবাতোকৈ জনপ্রিয় আবেদন হিচাপে অভিলেখ গঢ়ে। উল্লেখ্য যে হােৱাইট হাউছে ‘আমি জনতাই পাকিস্তানক সন্ত্রাসবাদী ৰাষ্ট্র হিচাপে প্রশাসনে ঘোষণা কৰাটাে বিচাৰো” (এইচ আৰ ৬০৬৯) শীৰ্ষক আবেদনখন লাভ কৰাৰ পাছতে স্বাক্ষৰ অভিযান আৰম্ভ কৰিছিল। সোমবাৰে ৫০,০০০তকৈ অধিক নতুন পঞ্জীয়নভূক্ত হৈ অভিলেখ গঢ়াৰ পাছত মঙলবাৰেও পুনৰ ৫১,৯৩৯জনে স্বাক্ষৰ কৰে। এতিয়ালৈকে আবেদনখনত ৬৬৫,৭৬৯ স্বাক্ষৰ লাভ কৰা বুলি হােৱাইট হাউছ কর্তৃপক্ষই সদৰী কৰি ইয়াৰ পূর্বে এনেধৰণৰ সঁহাৰি পোৱা নাই বুলি মন্তব্য কৰিছে। মন কৰিবলগীয়া যে ইয়াৰ পূর্বে হােৱাইট হাউছৰ আবেদনত ৩৫০,০০০তকৈ অধিকে স্বাক্ষৰ কৰা নাছিল।
Home / সন্ত্রাসবাদী ৰাষ্ট্র
/ সন্ত্রাসবাদী ৰাষ্ট্র হিচাপে পাকিস্তানক ঘোষণাৰ দাবী:: আমেৰিকাত ব্যাপক স্বাক্ষৰ প্রদান
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment