হিন্দু বাংলাদেশীক নাগৰিকত্ব দিলে বাতিল কৰিব লাগিব অসম চুক্তি ::তৰুণ গগৈ



হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ সম্পৰ্কত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ কয় --- অসম চুক্তি থকালৈকে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব নোৱাৰে কেন্দ্রীয় চৰকাৰে। অসম চুক্তিখন প্রথমে বাতিল কৰিব লাগিব। খানাপাৰাৰ কইনাধৰস্থিত চৰকাৰী বাসভৱনত এখন সংবাদ মেল সম্বোধি গগৈয়ে কয় যে অসম চুক্তিমৰ্মেই সকলো হ’ব লাগিব। গণতান্ত্রিক দেশ এখনৰ চৰকাৰে ইচ্ছা অনুসাৰে একো কৰিব নোৱাৰে। ইফালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে অভিযোগ কৰে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে এন আৰ চিৰ কাম ইচ্ছাকৃতভাৱে পলম কৰিছে। দৰাচলতে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ লক্ষ্যৰে এন আৰ চিৰ কাম লেহেমীয়া কৰি তুলিছে। গগৈয়ে ইয়াকে কয়— ছুপ্রিম ক’র্টে প্রথমে জানুৱাৰী মাহত, তাৰ পাছত মার্চ মাহত এন আৰ চিৰ কাম শেষ কৰিবলৈ দিছিল। কিন্তু এতিয়া অক্টোবৰ পালে। গতিকে আমাৰ সন্দেহ হৈছে যে এন আৰ চিৰ কাম বন্ধ কৰিব খুজিছে নেকি? সেয়েহে আমি ক’ৰ্টলৈ যাম। ছুপ্রিম ক'র্টে যিহেতু এন আৰ চিৰ কাম তদাৰক কৰি আছে, গতিকে ক’ৰ্টক আমি জনাম। আনহাতে কেন্দ্রীয় চৰকাৰক সমালোচনা কৰি গগৈয়ে কয় যে এন আৰ চি সন্দৰ্ভত বিজেপিয়ে কংগ্ৰেছক কিমান সমালোচনা কৰিছিল, সেয়া এতিয়া পাহৰিলে। কংগ্ৰেছে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া বুলি কৈছিল। কিন্তু এতিয়া এন আৰ চিৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুখন নীৰৱ কিয়? যদি সকলো ঠিকে আছে, তেন্তে এন আৰ চি সন্দৰ্ভত শ্বেতপত্র প্রকাশ কৰক চৰকাৰে। ইফালে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান সন্দৰ্ভত কালি মুখ্যমন্ত্রীয়ে ৰাইজৰ মতামত গ্রহণ কৰিব বুলি কৰা মন্তব্যকো গগৈয়ে কটাক্ষ কৰি কয় যে মুখ্যমন্ত্রী সোণোৱালে এতিয়াও অসমৰ ৰাইজৰ মতামত নজনাটাে আচৰিত কথা। আছু, সাহিত্য সভা আদিৰ লগতে চৰকাৰৰ সংগী অগপয়ো ইয়াৰ বিৰােধিতা কৰাৰ পাছত ৰাইজৰ মতামত এতিয়াও জানিবলৈ বাকী আছেনে বুলিও গগৈয়ে প্রশ্ন তোলে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment