১ কোটিৰাে অধিক মূল্যৰ চােৰাং সামগ্ৰী জব্দ::গুৱাহাটী বিমানবন্দৰত অভিযান


দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ পৰা অহা প্রায় ১ কোটি টকাৰাে অধিক বিদেশী সামগ্ৰী গুৱাহাটী বিমানবন্দৰত  কালি জব্দ কৰে সীমা শুল্ক বিভাগে। জে এন ডি মহন্তৰ নেতৃত্বত চলোৱা এই অভিযানত ৩,৫৫৫ কেজি কাপোৰ, নাইক, এডিডাছ আদিকে কৰি বিদেশী কোম্পানীৰ জোতা, জেকেট, বেগ, চিচি টিভি কেমেৰা আদি। জব্দ হয়। মুম্বাই অভিমুখী জেট এয়াৰৱেজৰ আন যিমানৰ পৰা জব্দ হয় এই বৃহৎ পৰিমাণৰ সামগ্ৰীখিনি। মন কৰিবলগীয়া যে  ম্যানমাৰৰ পৰা এখন বিমানেৰে গুৱাহাটী গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ সামগ্ৰীখিনি জেট এয়াৰৱেজত উঠোৱাৰ সময়তে সীমা শুল্ক বিভাগে জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত ইতিমধ্যে তিনিজন লোকক আটক কৰা হৈছে। ইফালে কালি  ইম্ফলত ১০খন সোণৰ বিস্কুটসহ দুজন লোকক চােৰাং প্রতিৰােধ গোটে ধৰা পেলাবলৈ সক্ষম হৈছে। প্রায় ৮.৩ কিলোগ্রাম ওজনৰ এই সোণৰ বিস্কুটখিনিৰ মূল্য হ’ব ২.৪৬ কোটি টকা। বিস্কুটখিনি ডিমাপুৰৰ পৰা টাটা ইউংগাৰ এখনেৰে দুজন লোকে আহি থকা অৱস্থাত ধৰা পেলাবলৈ সক্ষম হয়। উল্লেখ্য যে এই দুই ঘটনাৰ পাছত সীমা শুদ্ধ বিভাগে আইজল, দিল্লী আৰু মুম্বাইত এই অভিযান চলায়।







Share on Google Plus

About Unknown

0 comments:

Post a Comment