কহিনুৰ থিয়েটাৰৰ মুখ্য প্রযোজক ৰতন লহকৰ চিকিৎসাধীন::ৰাজ্যবাসীৰ আশু আৰােগ্য কামনা



গুৱাহাটীৰ হায়াট হাস্পতালত চিকিৎসাধীন হৈ আছে কহিনুৰ থিয়েটাৰৰ মুখ্য প্রযোজক তথা বিশিষ্ট শিল্পী ৰতন লহকৰ । কালি পাঠশালাৰ নিজা বাসভৱনত শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগা প্রযোজকগৰাকীক বিয়লিৰ ভাগতে চিকিৎসালয়খনত ভর্তি কৰোৱা হয়। বর্তমান আই চি ইউত চিকিৎসাধীন হৈ থকা লহকৰ বিপদমুক্ত বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ৰতন লহকৰ দীর্ঘদিন ধৰি চি অ’ পি ডি, ডায়েবেটিছ আৰু ক্রনিক বৃক্কৰ ৰােগত ভুগি আছে। বর্তমান তেওঁৰ শৰীৰত পটাচিয়ামৰ মাত্রা বৃদ্ধি পোৱাত ৰক্তহীনতায়াে দেখা দিছে। পটাচিয়ামৰ মাত্রা স্বাভাৱিক হ'লেই প্রযোজকগৰাকীক তেজ দিয়া হ’ব । উল্লেখ্য যে বিগত ৪১ বছৰ ধৰি কহিনুৰ থিয়েটাৰৰ প্ৰযোজক হিচাপে ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতলৈ বিশেষ অৰিহণা যোগাই অহা প্রযোজকগৰাকী চিকিৎসাধীন হােৱাৰ খবৰ পোৱাৰ পাছতে বহু আত্মীয়-স্বজন, শুভাকাংক্ষী চিকিৎসালয়ত উপস্থিত হয় আৰু তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আশু আৰােগ্য কামনা কৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment