৮৫৫ শ্বহীদক অপমান::প্রফুল্ল মহন্তক উভতি ধৰিলে বিজেপিয়ে


ৰাষ্ট্রীয়তাবাদৰ নামত ৮৫৫ শ্বহীদক অপমান কৰিবলৈ দিয়া নহ’ব বুলি প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই কৰা মন্তব্যৰ পাছত ৰাজ্যিক বিজেপিয়ে কালি উভতি ধৰিলে মহন্তক। গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত কালি এখন সংবাদ মেল সম্বোধি দলটােৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মমিনুল আৱালে কয় যে অসম আন্দােলনৰ ৮৫৫জন শ্বহীদৰ কথা কোৱা প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে অসম চুক্তি ৰূপায়ণৰ বাবে জনাদেশ আৰু দায়িত্ব লাভ কৰি শাসনৰ সুদীর্ঘ কার্যকালত চুক্তিখনৰ বাবে কি পদক্ষেপ গ্রহণ কৰিলে, সেয়া অসমবাসীয়ে ভালকৈ জানে। তেওঁ মহন্তক কটাক্ষ কৰি ইয়াকে কয় যে শ্বহীদৰ নাম লৈ পৰিৱেশ সৃষ্টি কৰিব খোজা মহন্তই মুখ্যমন্ত্রী হৈ থকা সময়ছোৱাত আই এম ডি টি আইনৰ প্ৰণেতা আব্দুল মুহিব মজুমদাৰক মন্ত্রীসভাত স্থান দিয়াৰ বিপৰীতে অসম চুক্তিৰ উদ্যোক্তা ভূণ্ড কুমাৰ ফুকনৰ মন্ত্রীসভাত কিয় স্থান দিয়া নহ’ল, সেয়া আগতে অসমৰ ৰাইজক স্পষ্ট কৰক। একেদৰে আন্দোলনৰ বিৰোধিতা কৰা বঁওনেতা প্রমোদ গগৈকো মন্ত্রীসভাত স্থান দি প্রফুল্ল কুমাৰ মহন্তই কিদৰে শ্বহীদক সন্মান কৰিছিল, সেয়া সকলোৰে জ্ঞাত।
Share on Google Plus

About Unknown

0 comments:

Post a Comment