ছুপাৰ ষ্টাৰ ছলমান খানে বলীউডৰ ৰথী-মহাৰথীসকলে ভাৰতীয় সেনাৰ ছাৰ্জিকেল ষ্ট্রাইকক লৈ গৌৰৱবােধ কৰি সেনাক ভূয়সী প্রশংসাৰে ওপচাই দিয়াৰ সময়তে পাকিস্তানী শিল্পীক ভাৰতৰ ভূমিত কাম কৰাৰ সপক্ষে মাত মাতিছে। এখন সংবাদ মেলত অভিনেতা ছলমান খানে কয় যে উৰিৰ আক্ৰমণত যিসকলে ভাৰতীয় জোৱানক হত্যা কৰিছে, সেইসকল সন্ত্রাসবাদী। কিন্তু পাকিস্তানী শিল্পীসকল সন্ত্রাসবাদী নহয়। পাকিস্তানী শিল্পীয়ে ভাৰতৰ ভূমিত কাম কৰাৰ সপক্ষে মত দি অভিনেতাগৰাকীয়ে কয় যে চৰকাৰৰ অনুমতি সাপেক্ষেহে পাকিস্তানী শিল্পীসকলে ভাৰতত কাম কৰি আছে। গতিকে এওঁলোকক কাম কৰিবলৈ অনুমতি নিদিয়াৰ কোনাে যুক্তি নাই। তেওঁলোকে উপযুক্ত তথ্যপতি দি অহাৰ পাছতহে কাম কৰাৰ সুযোগ পাইছে। ইস্পাই পাকিস্তানী শিল্পী, কলা-কুশলীক ভাৰতৰ ভূমিত কাম কৰাত নিষেধাজ্ঞা আৰােপ কৰাৰ পাছতেই ছলমান খানৰ এই মন্তব্যই তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে। সংবাদ মেলত অভিনেতাগৰাকীয়ে অৱশ্যে দুই দেশৰ মাজত শান্তিপূর্ণ সম্পর্ক বজাই ৰখাটাে আৱশ্যক বুলি মন্তব্য কৰে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment