দেশৰ সর্ববৃহৎ ফুটবল প্রতিযোগিতা আই এছ এলৰ আজি গুৱাহাটীত শুভাৰম্ভ ঘটিব। সৰু সজাই এথলেটিক ক্টেডিয়ামত সন্ধিয়া ৫.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া বর্ণিল অনুষ্ঠানটােক লৈ সমগ্র গুৱাহাটীতে এতিয়া উখল-মাখল পৰিৱেশ সৃষ্টি হৈছে। সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ উদ্বোধনী জেকুইলিন ফাৰ্ণাণ্ডেজ আৰু বৰুণ ধাৱন ইতিমধ্যে আজি গুৱাহাটীত উপস্থিত হৈছে। তেওঁলোকে আজি দৰ্শকক মনোৰঞ্জন দিবলৈ সন্ধিয়া সৰু সজাইত দীর্ঘসময় ধৰি উদ্বোধনী অনুষ্ঠানৰ আখৰা চলায়। নৰ্থ-ইষ্ট ইউনাইটেডৰ স্বত্বাধিকাৰী তথা জনপ্রিয় অভিনেতা জন আব্রাহাম আৰু আই এছ এলৰ অধ্যক্ষ তথা দেশৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানিৰ পত্নী নীতা আম্বানিও কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হয়। উত্তৰ-পূৰ্বাঞ্চলৰ চহকী ঐতিহ্য আৰু বাৰেৰহণীয়া সংস্কৃতি দেশবাসীৰ সন্মুখত উদ্ভাসিত হ’বলগীয়া বহু আকাংক্ষিত এই অনুষ্ঠানৰ বাবে কাইলৈ মহানগৰীত ভৰি থ’বহি ক্রিকেটৰ ভগৱান খ্যাত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ আৰু বিশ্বকাপ বিজয়ী ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধােনীৰ লগতে বলীউডৰ অন্যতম সফল অভিনেতা ৰণবীৰ কাপুৰ। সদ্যসমাপ্ত ৰিঅ’ অলিম্পিকত ৰূপৰ পদক জয় কৰি দেশবাসীক গৌৰৱান্বিত কৰা উদীয়মান মহিলা শ্বাটলাৰ পি ভি সিন্ধুও কাইলৈ অনুষ্ঠানৰ সৌষ্ঠৱ। কৰিব। আলিয়া ভাট, জেকুইলিন ফাৰ্ণাণ্ডেজ, বৰুণ ধাৱনৰ নৃত্য-গীতৰ অনুষ্ঠানৰে জীপাল হৈ উঠিবলগীয়া উদ্বোধনী অনুষ্ঠানত মুঠ ৫০০ কলা-কুশলীয়ে বিভিন্ন মনোমোহা অনুষ্ঠান প্রদর্শন কৰিব। উল্লেখ্য যে মায়াময় পৰিৱেশত উদ্বোধনী অনুষ্ঠান আয়োজনৰ পাছতে সন্ধিয়া ৭ বজাৰ পৰা তৃতীয় সংস্কৰণৰ আই এছ এলৰ উদ্বোধনী মেচখন আৰম্ভ হ’ব। মেচখনত ঘৰুৱা দল নৰ্থ-ইষ্ট ইউনাইটেডে তেণ্ডুলকাৰ মালিকানাধীন কেৰালা ব্লাষ্টাৰ্ছৰ মুখামুখি হ’ব।
সর্ববৃহৎ ফুটবল প্রতিযোগিতা আই এছ এলৰ আজি শুভাৰম্ভ :: গুৱাহাটীত উখল-মাখল পৰিৱেশ

0 comments:
Post a Comment