পাকিস্তানে অৱশেষত কেইবাসহস্ৰ সন্দেহযুক্ত সন্ত্রাসবাদীৰ বেংক একাউন্ট জব্দ কৰিলে । দেশখনৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি কালি ষ্টেট বেংক অৱ পাকিস্তানে বিভিন্ন সংগঠনৰ ৫,১০০জনকৈ সন্ত্রাসবাদীৰ বেংক একাউণ্ট জব্দ কৰিছে। ইয়াৰ ভিতৰত আছে অতি বিপজ্জনকভাৱে চিহ্নিত, ১৯৯৭ চনৰ সন্ত্রাসবিৰোধী আইনৰ 'কেটেগৰীএ’ৰ অন্তর্ভুক্ত ১,২০০ জনকৈ সন্ত্রাসবাদী। এই 'কেটেগৰী-এ’ৰ তালিকাভুক্ত, বেংক একাউণ্ট জব্দৰ দৰে পদক্ষেপৰ সন্মুখীন হােৱাসকলৰ অন্যতম দুর্ধর্ষ সন্ত্রাসবাদীজন হৈছে জইচ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ। পাকিস্তানৰ গৃহ মন্ত্র্যালয়ৰ এক সূত্রই আজি এই কথা সদৰী কৰিছে। এই সন্দৰ্ভত মন্তব্য আগবঢ়াই ষ্টেট বেংক অৱ পাকিস্তানৰ এক সূত্ৰই কয়— ‘মাছুদ আজহাৰসহ সন্দেহযুক্ত সন্ত্রাসবাদীৰ বেংক একাউণ্ট জব্দ কৰিছোঁ।” উল্লেখ্য যে যোৱা জানুৱাৰীত পাঠানকেটৰ বায়ুসেনা ঘাটিত চলা সন্ত্রাসবাদী আক্ৰমণৰ অন্যতম মাষ্টাৰ মাইণ্ড মাছুদ আজহাৰক পাকিস্তানৰ নিৰাপত্তা সংস্থাৰ দ্বাৰা সুৰক্ষিত জিন্মা’ত ৰখা বুলি অভিযোগ উত্থাপন হৈ আহিছে।
Home / বেংক একাউণ্ট
/ ৫,১০০ সন্ত্রাসবাদীৰ বেংক একাউণ্ট জব্দ পাকিস্তানত ::তালিকাত জইচৰ মুৰব্বী আজহাৰাে
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment