মৰমৰ কেজৰিৱাল, প্ৰথমে এটা মহ মাৰি ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ সোধক::বিজেপি



মৰমৰ কেজৰিৱাল, প্রথমে এটা মহা মাৰক আৰু পাছত ছাৰ্জিকেল ষ্ট্রাইকৰ প্ৰমাণ সোধক।”—এনেদৰে পোষ্টাৰ আঁৰি দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক পুনৰ আক্রমণ কৰিলে বিজেপিয়ে। আজি দলীয় মুখ্য কার্যালয়ৰ সমীপত এনেদৰে পোষ্টাৰ আঁৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰে বিজেপিৰ যুৱ মৰ্চাই। অকল এয়াই নহয়, বিগত কেইবামাহাে ধৰি ৰাজধানী দিল্লীত ডেংগু আৰু চিকুনগুণীয়াত বহু লোকৰ মৃত্যু হােৱা ঘটনাৰ বাবেও পোষ্টাৰখনত কেজৰিৱালক সমালোচনা কৰা হয়। উল্লেখ্য যে উৰিৰ সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্রমাণ দাবী কৰিছিল দিল্লীৰ মুখমন্ত্রীগৰাকীয়ে। কেজৰিৱালে কৰা এনে দাবীয়ে তীব্র বিতর্কৰ সৃষ্টি কৰাৰ পাছত এনেদৰে বিজেপিৰ মুখ্য কার্যালয়ৰ সমীপত পোষ্টাৰ আঁৰি প্ৰতিবাদ সাব্যস্ত কৰে যুৱ মৰ্চাৰ একাংশ কর্মীয়ে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment