চীনে বৃহৎ নদীবান্ধ তিবৃতৰ ব্ৰহ্মপুত্ৰৰ উপনৈ ভেটি নির্মাণ কৰাৰ খবৰে দেশজুৰি তোলপাৰ লগাইছে। এই খবৰে চিৰ প্ৰৱাহিত ব্ৰহ্মপুত্ৰৰ লগতে অসমৰ ভৱিষ্যতলৈ বিপদ কঢ়িয়াই অনাৰ আশংকা কৰা হৈছে। ভাৰতৰ দুৰ্ঘোৰ আপত্তি সত্ত্বেও চীনে অসম আৰু অসমীয়াৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰক ভেটি বৃহৎ নদীবান্ধ নির্মাণ কৰি আছে। ব্ৰহ্মপুত্ৰত চীন দেশৰ এনেধৰণৰ আগ্রাসী মনোভাবৰ প্রধানতম কাৰণ হৈছে চীনৰ সৈতে ভাৰতৰ জলবণ্টন সম্পৰ্কীয় কোনাে দ্বিপাক্ষিক চুক্তি নাই। তথ্যমতে, চীনে ব্ৰহ্মপুত্ৰৰ উপনৈ জীয়া বুকু নদীত লাহল’ জলবিদ্যুৎ প্রকল্প নির্মাণৰ কাম চলাই আছে। ২০১৪ চনৰ জুন মাহত আৰম্ভ হােৱা এই প্রকল্পটােৱে প্রতি ছেকেণ্ডত ২৫.৮ কিউমেক পানী ব্ৰহ্মপুত্ৰলৈ কমকৈ প্রৱাহিত কৰাত সহায় কৰিব। অর্থাৎ, ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া ভাৰত পাবহি, তেতিয়ালৈ এই বান্ধটােৰ পৰাই ভাৰতে ২৫.৮ কিউমেক পানী কমকৈ পাব। এই বান্ধটোত ২৯৫ কিউমেক পানী জমা ৰখাৰ বাবে চীনে কৌশল গ্রহণ কৰিছে। দেশখনে ৩০,০০০ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব। ২০১৯ চনত প্রকল্পটােৰ কাম সম্পূর্ণ হ’ব। আনহাতে, ছিকিমৰ সমীপত দেশখনে আৰু তিনিটা নদীবান্ধ ক্ৰমে দাণ্ড, জিয়াচা আৰু জেইজু প্রকল্পৰ কাম কৰি আছে। ইফালে, ২০১৫ চনত দেশখনে তিবৃতত ব্ৰহ্মপুত্ৰৰ ওপৰত সর্বোচ্চ জাম জলবিদ্যুৎ প্রকল্পৰ কাম আৰম্ভ কৰে। শেহতীয়াকৈ ভাৰতে পাকিস্তানৰ সৈতে সিন্ধু নদীৰ জলবণ্টন পর্যালোচনা কৰিছে। তাৰ পিছতে ভাৰতক শলঠেকত পেলাবলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ বৃহৎ নদীবান্ধ নির্মাণৰ পন্থা লৈছে বুলি চৰ্চা চলিছে। তদুপৰি চীনে এই সন্দৰ্ভত ভাৰতক সত্য তথ্য দিয়াৰ পৰা বিৰত আছে৷ আনহাতে, ভাৰতক দেশখনে যাতে ৰাজনৈতিক পাশত বন্দী কৰি ৰাখি ভৱিষ্যতলৈ পানীৰ জৰিয়তে ভাবুকি প্রদান কৰি ৰাখিব পাৰে, তাৰ প্রতি লক্ষ্য ৰাখিয়ে ব্ৰহ্মপুত্ৰত উপযুপৰি বান্ধ নির্মাণ কৰি আছে বুলি বিশেষজ্ঞ মহলে ক’ব খোজে। অৰুণাচল প্রদেশত নিজৰ কর্তৃত্ব খটুওৱাৰ চীনৰ এয়া কাৰচাজি বুলিও একাংশই মত পোষণ কৰিছে।
ব্ৰহ্মপুত্ৰৰ উপনৈ ভেটি চীনে নির্মাণ কৰিছে বৃহৎ নদীবান্ধ ::অসমলৈ অশনি সংকেত

0 comments:
Post a Comment