হিন্দু বাঙালীক কঠোৰ সকীয়নি যুৱ-ছাত্ৰ পৰিষদৰ::সংঘাত সৃষ্টিৰ চেষ্টা নকৰিব,যুদ্ধৰ বাবে আমিও সাজু




নাগৰিকত্ব আইন সংশোধনী আৰু হিন্দু বাংলাদেশীৰ সংস্থাপনৰ বিৰুদ্ধে অসমবাসীয়ে গঢ়ি তোলা আন্দােলনত সংঘাত সৃষ্টি কৰিব বিচৰা হিন্দু বাঙালী ব্যক্তি আৰু সংগঠনসমূহক কঠোৰ সকীয়নি দিছে অসমজাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। শেহতীয়াকৈ মৰিগাঁৱত একাংশ বাঙালী সংগঠনে “অসমীয়া মুৰ্দাবাদ" শ্লোগান দিয়াৰ প্ৰসংগ উল্লেখ কৰি কালি এখন সংবাদ মেলত যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি বিৰাজ কুমাৰ তালুকদাৰে কয়— “যদি কোনোবা বাঙালীয়ে সংঘাত সৃষ্টি কৰিব বিচাৰিছে, আমি তেওঁলোকক তেনে প্রচেষ্টাৰ পৰা আঁতৰি আহিবলৈ সকীয়াই দিছোঁ। অন্যথা আমিও এখন পূর্ণ পর্যায়ৰ যুদ্ধৰ বাবে সাজু হৈছোঁ।” নাগৰিকত্ব আইন সংশোধনৰ বাবে কেন্দ্ৰই চলোৱা প্রচেষ্টাৰ বিৰুদ্ধে অধিক কঠোৰ হােৱাৰ ইংগিত দি তেওঁ কয় যে পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষই বােধহয় এখন দেশ, যিয়ে বিদেশীক সংস্থাপন দিবৰ বাবে এইদৰে আইন সংশোধন কৰিব বিচাৰিছে। নৰেন্দ্ৰ মােদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে মানৱতাৰ দােহাই দি বাংলাদেশৰ পৰা হিন্দু নাগৰিকক আনি সংস্থাপন কৰিব বিচাৰিছে। সেই একেই বিজেপি দলৰ নেতা আদৱানি দেশৰ গৃহমন্ত্রী হৈ থকা সময়ত গুপ্তহত্যাত অসমৰ ১৫ হাজাৰ যুৱকৰ প্ৰাণ গ’ল। সেই দৃশ্য দেখিও মৌন হৈ আছিল তেতিয়াৰ প্ৰধানমন্ত্রী অটল বিহাৰী বাজপেয়ী। তেতিয়া বিজেপিৰ মানৱতা ক’ত গৈছিল বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীয়ে প্রশ্ন কৰে। হিন্দু বাঙালীৰ আগ্রাসনে ৰাজ্যলৈ আনিব পৰা সংকটৰ বিষয়ে উল্লেখ কৰি সংবাদ মেলত তেওঁ পুনৰ কয় যে অসমত যে অসমীয়াভাষীসকল ক্ৰমে সংখ্যালঘুত পৰিণত হৈ গৈ আছে, সেয়া বিগত সময়ছােৱাত ভাৰত চৰকাৰৰ সমীক্ষাসমূহত স্পষ্ট হৈ পৰিছে। লোকপিয়লৰ সমীক্ষা অনুসৰি ১৯৭১ চনত অসমত অসমীয়াভাষী লোকৰ সংখ্যা আছিল ৬৮,৮৯ শতাংশ আৰু বাংলাভাষী ১৯.৮৮ শতাংশ। ১৯৯১ চনৰ লোকপিয়লত অসমীয়াভাষী হ’ল ৫৭.৮১ শতাংশ আৰু বাংলাভাষী ২১.৬৮ শতাংশ। তাৰ পাছত ২০০১ চনৰ সমীক্ষা মতে অসমত অসমীয়াভাষীৰ সংখ্যা আছিল। ৪৮.০৮ শতাংশ আৰু বাংলাভাষী ২৭.৫৪ শতাংশ। ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা ৰহস্যজনক কাৰণত এতিয়াও প্রকাশ কৰা নাই। কিন্তু যদি বিগত সময়ৰ সমীক্ষাৰ অনুপাতত অসমত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হ্রাস হয় আৰু বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি পায়, তেনেহ’লে ২০২১ চনতে অসমীয়াভাষী ৩৮ শতাংশ আৰু বাংলাভাষী ৪৩ শতাংশ হৈ অসমীয়াভাষী সংখ্যালঘুত পৰিণত হােৱাটাে নিশ্চিত। সম্ভাব্য সংকটৰ বিষয়ে উল্লেখ কৰি তেওঁ আৰু কয় যে ভাৰতৰ ৰাজ্যসমূহৰ গঠন হৈছে ভাষাভিত্তিক। এনে প্রেক্ষাপটত অসমত নতুনকৈ বিদেশীক সংস্থাপিত কৰিলে ভাষাভিত্তিক জাতিগত সংজ্ঞা হেৰুৱাই তৎক্ষণাৎ সংখ্যালঘুত পৰিণত হ’ব আৰু অসম বাঙালীপ্রধান ৰাজ্যত পৰিণত হ'ব। লগে লগে ইতিহাসৰ পৰা বিলুপ্ত হ’ব অসমীয়া সাহিত্য, সভ্যতা, অসমীয়া জাতি। ইফালে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় চৰকাৰক কঠোৰ সমালোচনা কৰি পৰিষদৰ সভাপতিগৰাকীয়ে কয়— “আৰ এছ এছৰ দৰে ধর্মািন্ধ সংগঠনৰ প্ৰত্যক্ষ পৰিচালনাত চলি থকা বিজেপি চৰকাৰে বাংলাদেশ আদি বহিঃৰাষ্ট্ৰত যি হিন্দু নিগ্ৰহৰ অপপ্ৰচাৰ চলাই এই সংশোধনী আনিব বিচাৰিছে, সেয়া প্ৰকৃততে হাস্যকৰ, ভিত্তিহীন আৰু অমূলক। যদি বাংলাদেশত হিন্দুসকল নিগ্ৰহৰ সন্মুখীন হৈছে, তেনেহ’লে ভাৰতে নিজৰ অনুগত দেশ হিচাপে বাংলাদেশক কূটনৈতিক হেঁচা দিয়া উচিত। কিন্তু এবাৰ যদি এই আইন সংশোধন হয়, সেয়া সমগ্ৰ দেশত বলৱৎ হ’লেই ইয়াৰ মূল লক্ষ্য যে কেৱল অসমেই হ’ব, তাত কোনো সন্দেহ নাই।’ এইক্ষেত্রত সর্বানন্দ সোণোৱাল যদি মৌন হৈ থাকে, তেনেহ’লে তেওঁ নিজেই অসমীয়া বুলি পৰিচয় দিয়াৰ অধিকাৰ হেৰুৱাই পেলাব বুলি যুৱ-ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে মন্তব্য কৰে। সংবাদ মেলত তেওঁ লগতে এলানি প্রতিবাদী কাৰ্যসূচীও ঘোষণা কৰে। ঘোষিত কাৰ্যসূচী অনুসৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে হিন্দু বাংলাদেশী সংস্থাপনৰ প্ৰতিবাদত অহা ২৮ অক্টোবৰত প্ৰতিখন জিলামহকুমাত জোৰ সমদল উলিয়াব। তাৰ পাছত অহা ১১ নৱেম্বৰত গুৱাহাটীত এক বিশাল গণসমদলৰ কার্যসূচী ৰূপায়ণ কৰিব আৰু ২৮ নৱেম্বৰত দেশৰ ৰাজধানী নতুন দিল্লীত ধর্ণ কাৰ্যসূচী গ্রহণ কৰিব। একে সময়তে কেন্দ্রীয় চৰকাৰৰ এনে জাতিবিৰােধী প্রচেষ্টাৰ বিৰুদ্ধে মৌন হৈ থকা সাংসদ-বিধায়কসকলৰ বাসগৃহ ধাৰাবাহিকভাৱে ঘেৰাও কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তেওঁলোকক জবাবদিহি কৰিব বুলি সংবাদ মেলত উল্লেখ কৰে।[উৎস :: নিয়মীয়া বার্তা ]
Share on Google Plus

About Unknown

0 comments:

Post a Comment