যুদ্ধত নামিবলৈ সাজু পাকিস্তান::হাই এলার্ট জাৰি




ভাৰতীয় সেনাৰ দুঃসাহসিক আক্ৰমণৰ পিছত প্রথমবাৰলৈ মুখ খুলি পাক প্রধান মন্ত্রী নৱাজ শ্বৰীফে কৈছে যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুদ্ধ নিবিচাৰে। অৱশ্যে পিছ মুহুর্ততে লুটিবাগৰ মাৰি কথা সলনি কৰাত অভ্যস্ত পাকিস্তানী ৰাজনীতিকৰ বৈশিষ্ট্য ৰাখি নৱাজ শ্বৰীফে এই মন্তব্য কৰিছে কৰিছে নে প্রকৃততে এয়াই পাকিস্তানৰ মনোভাব সেয়া এতিয়াও কাৰাে বোধগম্য হােৱা নাই। অৱশ্যে পাকিস্তানী প্রধান মন্ত্রী নৱাজ শৰীফে এটা কথা স্পষ্ট কৰি দিছে যে আত্মৰক্ষাৰ প্রয়োজনত পাকিস্তানে যুদ্ধত নামিবলৈ কুষ্ঠাবোধ নকৰিব। কালিৰ পৰা পাকিস্তানী সেনাবাহিনী আৰু দেশখনৰ একাংশ মন্ত্রীৰ দৰেই শুকুৰবাৰে প্ৰধান মন্ত্রী নৱাজ শ্বৰীফেও ভাৰতে পাকিস্তানৰ মাটিত চলোৱা লক্ষ্যভিত্তিক আক্ৰমণৰ দাবী অস্বীকাৰ কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত তীব্ৰ উত্তেজনাপূর্ণ পৰিস্থিতি সৃষ্টি হােৱাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে পাক প্রধান মন্ত্রী নৱাজ শ্বৰীফে এখন জৰুৰী কেবিনেট আহ্বান কৰে। কেবিনেট বৈঠকতো তেওঁ ভাৰতে পাকিস্তানৰ দিশলৈ অপ্ৰৰােচিত গুলীবর্ষণ কৰা বুলিয়েই এই উত্তেজনাময় পৰিস্থিতিৰ ব্যাখ্যা কৰে। নৱাজ শ্বৰীফে কয়— “পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুদ্ধ নিবিচাৰে। কিন্তু যদিহে ভাৰতে পাকিস্তানৰ অখণ্ডতাত আঘাত হানিবলৈ প্রয়াস কৰে, তেতিয়া পাকিস্তানে আত্মৰক্ষাৰ স্বাৰ্থত যুদ্ধত অৱতীৰ্ণ হ’বলৈ কুষ্ঠাবোধ নকৰিব। শান্তিৰ প্রতি পাকিস্তানৰ দায়বদ্ধতাক দুর্বলতা বুলি গণ্য কৰা অনুচিত। যদিহে কোনো আক্রমণ হয় অথবা কোনোৱে প্রকৃত নিয়ন্ত্রণৰেখা লংঘনৰ চেষ্টা কৰে তেন্তে পাকিস্তানে নিজ ভূমি ৰক্ষাৰ স্বাৰ্থত সমুচিত উত্তৰ দিব। সমগ্ৰ পাকিস্তানী জাতি সেনাৰ লগত কান্ধত কান্ধ মিলাই সাজু হৈ আছে। পাকিস্তানৰ প্রতি কাকো কুদৃষ্টি দিবলৈ অনুমতি দিয়া নহ’ব।’ নৱাজ শ্বৰীফৰ মতে ভাৰতৰ আগ্রাসী মনোভাবে পাকিস্তানৰ প্রতি ভীতিৰ সৃষ্টি কৰিছে। আনহাতে কাশ্মীৰ প্ৰসংগত শ্বৰীফে কয় যে কাশ্মৰীয়ে নিজৰ সুৰক্ষাৰ স্বর্থত সংগ্রাম কৰিছে আৰু ভাৰতে কাশ্মীৰবাসীক অত্যাচাৰেৰে বান্ধি ৰাখিব বিচাৰিছে। কেবিনেট বৈঠকত শ্বৰীফৰ বৈদেশিক বিভাগৰ উপদেষ্ট ছাৰ্টজ আজিজে কয় যে কাশ্মীৰবাসীৰ সংগ্রাম পাকিস্তানৰ বাবে সর্বাধিক গুৰুত্বপূর্ণ। উল্লেখ্য, পাকিস্তানে শুকুৰবাৰে দ্বিতীয়বাৰৰ বাবে যুদ্ধবিৰতি উলংঘা কৰি নছোৰা খণ্ডৰ কলছিয়ান গাঁৱত অপ্ৰৰোচিতভাৱে দীর্ঘসময় ধৰি গুলীবর্ষণ কৰে।



Share on Google Plus

About Unknown

0 comments:

Post a Comment