প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মোহােৱাত এখন সভাত অংশগ্রহণ কৰি তিনি তালাকৰ সমৰ্থকসকলক কঠোৰ ভাষাৰে সমালোচনা কৰে। সভাত “তিনি তালাক’ৰ ন্যায্যতা নাকচ কৰি প্ৰধান মন্ত্রী মোদীয়ে কয়, এই পৰম্পৰাগত পদ্ধতি মুছলমান সম্প্রদায়ৰ মহিলাসকলৰ বাবে দুর্ভাগ্যজনক। তিনি তালাক'-এ যিকোনো মুহুৰ্তত এগৰাকী মহিলাৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিব পাৰে। সেয়েহে তেওঁ এনে অবিবেচক প্ৰথাৰ বিষয়ে প্রশ্ন উত্থাপন কৰি কয়— ‘এজন মুছলমান লোকে টেলিফোনযোগে বা এছএম এছ যোগে এগৰাকী মহিলাক তিনিবাৰ তালাক বুলি কৈ বিবাহ বিচ্ছেদ দিয়াটো সঁচাই যুক্তিপূর্ণনে ? এনে কামে যে এগৰাকী মহিলাৰ জীৱন দুখময় কৰি তুলিব। ইয়াক ৰাজনৈতিক বিষয় নকৰিবলৈ সকলোকে আহ্বান জনাই কয় যে সকলোৱে ইয়াৰ বিৰােধিতা কৰি মহিলাৰ সম অধিকাৰ অক্ষুন্ন ৰাখিব লাগে। তদুপৰি হিন্দু-মুছলিম মহিলা বুলি পৃথকে পৃথকে মহিলাৰ অধিকাৰৰ বিষয়ে অযথা হুলস্থূল নকৰিবলৈও তেওঁ আহ্বান জনায়। আনহাতে দেশৰ আগশাৰীৰ লেখক, গীতিকাৰ, সংগীত পৰিচালক জাভেদ আখটাৰেও তিনি তালাকৰ বিৰােধিতা কৰে। কালি দিল্লী আই আই টিত অনুষ্ঠিত এখন সভাত তেওঁ কয় যে এনেকৈ থাকিলে কিছুদিন পিছত হয়তো এছএম এছৰ জৰিয়তেই তালাকৰ ব্যৱস্থা হ’ব। যি সময়ত পাকিস্তান আৰু বাংলাদেশত তিনি তালাক নাই, তেনে সময়ত ভাৰতত এই ব্যৱস্থা থকাটাে দুর্ভাগ্যজনক বুলিও তেওঁ কয়।
ܓ
0 comments:
Post a Comment