প্রধানমন্ত্রী হাছিনাই ক’লে - বাংলাদেশত সুৰক্ষিত হিন্দু:: কোনােধৰণৰ সংকট নাই


বাংলাদেশৰ শাসক দল আৱামী লীগৰ বিংশতিতম ত্রিবার্ষিক অধিৱেশনত ভাগ ল’বলৈ ভাৰতৰ পৰা যোৱা বিভিন্ন নেতা-প্রতিনিধিক চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই স্পষ্ট কৰি দিলে যে তেওঁৰ দেশত সংখ্যালঘুসকলৰ অর্থাৎ হিন্দুসকলৰ কোনােধৰণৰ সংকটৰ সৃষ্টি হােৱা নাই। ৰাষ্ট্ৰখনত বসবাস কৰা হিন্দু নাগৰিকসকলক বাংলাদেশ চৰকাৰে সম্পূর্ণ নিৰাপত্তা দিছে আৰু ৰাষ্ট্ৰখনত সংখ্যালঘু হিচাপে চিহ্নিত হিন্দুসকলেও নিৰাপদে তথা ভালে আছে। নতুন দিল্লীত ক্ষমতাত থকা চৰকাৰে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্রদান কৰিবলৈ তৎপৰ হৈ পৰা বিষয়টােক কেন্দ্ৰ কৰি অসমত প্রবল জনমত গঠন হােৱাৰ লগতে প্রতিবাদী আন্দোলন গঢ় লৈ উঠাৰ সময়তে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা এনে মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে। তদুপৰি তেওঁৰ এনে বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্রকৃততে ৰাজনৈতিক কাৰণতহে এনে পদক্ষেপ গ্রহণ কৰিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে বাংলাদেশৰ শাসক দল আৱামী লীগৰ উক্ত অনুষ্ঠানত ভাগ ল’বলৈ চুবুৰীয়া ৰাষ্ট্ৰখনে ভাৰতৰ পৰা বহুকেইজন বিশেষ ব্যক্তিক আমন্ত্রণ জনাইছিল। বিশেষকৈ বাংলাদেশৰ সৈতে সংলগ্ন ভাৰতৰ ৰাজ্যসমূহৰ নেতাসকলকে মূলতঃ আমন্ত্রণ জনােৱা হৈছিল। এইসকলৰ ভিতৰত অসমৰ পৰা গৈছিল প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত আৰু অগপ নেতা ধ্ৰুৱজ্যোতি শৰ্মাৰ লগতে এ আই ইউ ডি এফৰ নেতা আমিনুল ইছলাম আৰু এ এছ টাপাদাৰ। ইয়াৰ বাহিৰে পশ্চিমবংগৰ শিক্ষা মন্ত্রী পার্থ চেটাৰ্জী, ত্ৰিপুৰাৰ বিজেপিৰ সভাপতি বিপ্লৱকুমাৰ দেৱ, ৰাজ্যসভাৰ সদস্য ৰূপা গাংগুলী আৰু অনির্বাণ গাংগুলী, ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীৰ পুত্র অভিজিৎ মুখাৰ্জী, সংসদৰ বিৰােধী দলপতি গোলাম নবী আজাদ ইত্যাদি উল্লেখযোগ্য। এইসকল নেতাৰ সৈতে শ্বেখ হাছিনাই কালি ঢাকাত থকা তেওঁৰ চৰকাৰী বাসভৱনত নৈশ ভোজত মিলিত হয়। সেই সময়তে তেওঁ ভাৰতৰ পৰা যোৱা আটাইকেইজন প্রতিনিধিকে জনায় যে বাংলাদেশত সংখ্যালঘু হিচাপে থকা হিন্দুসকলৰ কোনো সমস্যাৰ সৃষ্টি হােৱা নাই। তেওঁ কয়— ‘বাংলাদেশ ধর্মনিৰপেক্ষ দেশ। ধর্মীয় সম্প্রীতিৰ দেশ। ইয়াত বসবাস কৰা হিন্দুসকলক সকলোধৰণৰ নিৰাপত্তা দিয়া হৈছে। বাংলাদেশত এইবাৰ আটাইতকৈ বেছি দুর্গা পূজা হৈছে। এইবাৰ প্ৰায় ত্রিশ হেজাৰ দুৰ্গা পূজা শান্তিপূর্ণভাৱে হৈছে। আটাইবােৰ মন্দিৰত অর্থসাহায্যৰ লগতে প্রয়োজনীয় নিৰাপত্তাও আমি দিছিলো। আমাৰ কথা হ’ল যে ধর্ম কাৰোবাৰ হ’ব পাৰে। কিন্তু উৎসৱ সকলোৰে। সেয়েহে আমাৰ ইয়াত হিন্দুসকলৰ পূজাত মুছলমানসকলে যেনেদৰে সহযোগিতা কৰে, মুছলমানসকলৰ উৎসৱতো হিন্দুসকলে সমানেই সহযোগিতা কৰে। এই দেশত ধর্মীয় সম্প্রীতি সম্পূর্ণ অটুট আছে|” ইফালে বাংলাদেশৰ পৰা উভতি অহাৰ পিচত প্রফুল্ল কুমাৰ মহন্তই জনাই যে চুবুৰীয়া ৰাষ্ট্ৰখনত বসবাস কৰা হিন্দু নাগৰিকসকল সুৰক্ষিত নহয় বুলি যি ধাৰণা দিব বিচৰা হৈছে, সেয়া সম্পূর্ণ অসত্য। তাত সংখ্যালঘুসকলক ৰাষ্ট্ৰখনৰ চৰকাৰে সকলো নিৰাপত্তা প্রদান কৰিছে আৰু কোনাে অসুৰক্ষিত নহয়। তেওঁ লগতে কয় যে প্রকৃততে কংগ্রেছে মুছলমানক লৈ আৰু বিজেপিয়ে হিন্দুক লৈ ৰাজনীতি কৰি আছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment