মুম্বাইৰ হাজী আলী দৰগাহৰ ভিতৰলৈ মহিলাৰ প্ৰৱেশত অনুমতি



পুৰুষৰ দৰে মহিলাক মুম্বাইৰ প্ৰখ্যাত হাজী আলী দৰগাহৰ গর্ভগৃহত প্রৱেশ কৰাৰ অনুমতি দিবলৈ সিদ্ধান্ত লৈছে দৰগাহ সমিতিয়ে । কালি উচ্চতম ন্যায়ালয়ক এই কথা অৱগত কৰে দৰগাহ সমিতিয়ে। মুছলমান সন্ত পীৰ হাজী আলী শ্বাহ বুখাৰীৰ কবৰ থকা জগত বিখ্যাত দৰগাহটােৰ অভ্যন্তৰত পূৰ্বতে মহিলাক প্রৱেশ কৰিবলৈ দিয়া হােৱা নাছিল।মুছলমান মহিলা সংগঠনকে ধৰি কেইবাটাও মহিলা সংগঠনে দৰগাহটােৰ ভিতৰত মহিলাক প্রৱেশৰ অনুমতি দিব লাগে বুলি দাবী জনাইছিল। মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰৰ নেতৃত্বৰ শীৰ্ষ আদালতখনৰ এখন খণ্ড বিচাৰপীঠে দৰগাহ সমিতিক মহিলাৰ প্ৰৱেশৰ ক্ষেত্ৰত প্রয়োজনীয় আভ্যন্তৰীণ আন্তঃগাঁথনি পৰিবৰ্তনৰ বাবে চাৰি সপ্তাহৰ সময় দিয়ে।



Share on Google Plus

About Unknown

0 comments:

Post a Comment