চৰাঞ্চলৰ সামগ্রিক পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কালি বিশাল আৰক্ষী বাহিনী লৈ আৰক্ষী সঞ্চালকপ্রধান মুকেশ সহায়ে মুকালমুৱাৰ কপিলাবৰী ঘাটৰ পৰা ইঞ্জিনচালিত নাৱেৰে চৰত উপস্থিত হয়। কুৰিহামাৰী পঞ্চায়তৰ অন্তর্গত আজিম আলী চৰত উপস্থিত হােৱা আৰক্ষী সঞ্চালকপ্রধান মুকেশ সহায়ে এই অভিযানৰ উদ্দেশ্য ব্যাখ্যা কৰি সাংবাদিকক কয় যে চৰাঞ্চলত যাতে সন্দেহযুক্ত লোকক আশ্রয় দিয়া নহয়। সেই সন্দৰ্ভত স্থানীয় ৰাইজক সজাগ আৰু সতর্ক কৰাটাে অতিকৈ প্রয়ােজন হৈ পৰিছে। তদুপৰি চৰাঞ্চলৰ কিমান যুৱক ৰাজ্য তথা দেশৰ বাহিৰত আছে সেই তথ্য সংগ্ৰহ কৰাটােও সাম্প্রতিক পৰিস্থিতিত জৰুৰী। লগতে এন আৰ চি প্রস্তুত কৰাৰ ক্ষেত্ৰত চৰবাসীক সজাগ কৰাৰ বাবেও আৰক্ষীয়ে এই অভিযানৰ জৰিয়তে চেষ্টা চলাব বুলি তেওঁ প্রকাশ কৰে। আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে পুনৰ কয় যে মুখ্যমন্ত্রীয়ে ৰাজ্যৰ চৰ-চাপৰিৰ ৰাইজৰ সমস্যাৰ বুজ ল'বলৈ নির্দেশ দিছে। চৰাঞ্চলত আৰক্ষীৰ পহৰা বুদ্ধিতো চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে আৰক্ষীক সক্রিয় কৰা হৈছে। চৰৰ ৰাইজ আৰু আৰক্ষীৰ মাজত যাতে সম্পর্ক উন্নত হয়। সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে তেওঁৰ সতীর্থ বিষয়াৰ সৈতে চৰত নিশা কটোৱাৰ কথা উল্লেখ কৰে। কালি বিয়লি সহস্ৰাধিক স্থানীয় লোকৰ উপস্থিতিত আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে এখন সভা সম্বোধন কৰি কয় যে চৰ-চাপৰিৰ সহজ-সৰল লোকক যাতে কোনো অপশক্তিয়ে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে সকলোৱে সজাগ হ’ব লাগিব। তদুপৰি বহিঃৰাজ্যত কৰ্মৰত চৰাঞ্চলৰ যুৱকসকলৰ তথ্য স্থানীয় আৰক্ষীক যোগান ধৰিবলৈও তেওঁ আহ্বান জনায়। চৰবাসীৰ মাজত যাতে কোনো সন্দেহযুক্ত লোক, ভাৰতবিৰােধী চক্ৰই আশ্রয় ল’ব নোৱাৰে তাৰ বাবে তেওঁ ৰাইজক সজাগ হােৱাৰ পৰামর্শ দিয়ে। এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত চৰবাসীক শুদ্ধ তথ্য প্রদান কৰিবলৈ তেওঁ আহ্বান জনায়। শুদ্ধ এন আৰ চিত প্রকৃত ভাৰতীয়ৰ নাম অন্তভূক্ত হ’বই তথা প্রকৃত ভাৰতীয়সকল কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় বুলিও তেওঁ আশ্বস্ত কৰে।
Home / চৰাঞ্চলৰ যুৱক
/ বহিঃৰাজ্যত থকা চৰাঞ্চলৰ যুৱকসকলৰ তথ্য লাগে চৰকাৰক ::মুকালমুৱাৰ চৰত আৰক্ষী সঞ্চালকপ্ৰধান
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment