ছলমান খান প্রেমীসকলৰ বাবে দুঃখবৰ।কাৰণ ছলমান খানক আত্মসমপণ কিম্বা জে'ললৈ যোৱাৰ নির্দেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৰাজস্থান চৰকাৰ। ১৯৯৮ চনৰ ২৬ ছেপ্টেম্বৰৰ দিনা যোধপুৰৰ উপকণ্ঠীয় ভাৱাদ আৰু একেটা বৰ্ষৰ ২৮ ছেপ্টেম্বৰত নিকটৱৰ্তী ঘোড়া ফার্মত দুটা দুস্তপ্রাপ্য প্রজাতিৰ কৃষ্ণসাৰ মৃগ গুলীয়াই হত্যা কৰা ঘটনাৰ গােচৰত ছলমানক ৰেহাই দিয়া হৈছিল যদিও তাৰ  বিৰুদ্ধে প্রত্যাহ্বান জনাই কালি ছুপ্রিম ক’ৰ্টত গোচৰ তৰে ৰাজস্থান চৰকাৰে। ৰাজস্থান হাইক’ৰ্টে যোৱা ২৪ জুলাইত ছলমানক উক্ত গোচৰ দুটাৰ পৰা ৰেহাই দিছিল।   উচ্চতম ন্যায়ালয়ত  দীপান্বিতাৰ পিচতে গোচৰটােৰ শুনানি উচ্চতম ন্যায়ালয়ত গ্রহণ কৰা হ’ব।
Home / ছলমান খান
 / কৃষ্ণসাৰ হত্যা গোচৰঃ ছলমানক ৰেহাইৰ প্রত্যাহ্বান জনাই ছুপ্রিম ক'ৰ্টৰ দ্বাৰস্থ ৰাজস্থান চৰকাৰ
Subscribe to:
Post Comments
                            (
                            Atom
                            )
                          
 
 
 
 
 
 
0 comments:
Post a Comment