উত্তৰ কাশ্মীৰৰ উৰিত পাকিস্তানৰ দ্বাৰা সমর্থিত সন্ত্রাসবাদী আক্ৰমণত ১৯জন ভাৰতীয় সেনাই প্রাণ হেৰুওৱাৰ পিছত শংকাত ভুগিছিল পাকিস্তান। ভাৰতবাসীৰ আৱেগিক দাবীত নৰেন্দ্ৰ মোদী চৰকাৰে যিকোনো মুহুর্ততে সমৰসজা কৰিব পাৰে বুলি ভাবিয়েই শংকাত ভুগিছিল সন্ত্রাসবাদৰ পৃষ্ঠপোষক দেশখন। তেওলোকে জানিছিল যে ভাৰতে কেতিয়াও ৰেহাই নিদিয়ে৷ পাকিস্তানৰ এই শংকাৰ মাজতে অকণো আগজাননী নিদিয়াকৈয়ে ভাৰতে ২৫জনীয়া পেৰা কমাণ্ডোৰ জৰিয়তে মাজনিশা ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্রীয় সীমান্তৰ প্ৰকৃত নিয়ন্ত্রণৰেখা অতিক্ৰমি বৃহস্পতিবাৰে পুৱতি নিশা পাক অধিকৃত কাশ্মীৰত আশ্ৰয় লৈ থকা সন্ত্রাসবাদীৰ সাতটা ঘাটি ধ্বংস কৰি প্ৰায় অর্ধশতাধিক সন্ত্রাসবাদীক হত্যা কৰি সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰে।
তেতিয়া মাজনিশা। জম্মু-কাশ্মীৰৰ ভাৰতপাকিস্তান সীমান্তত নীৰৱতাই বিৰাজ কৰিছে। ইতিমধ্যে বৃহস্পতিবাৰ আৰম্ভ হৈছে। মাজনিশা প্রায় ১২.৩০ বাজিছে তেতিয়া। সকলো টােপনিত লালকাল। কেৱল টােপনি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু সেনাপ্রধান দলবীৰ সিং সুহাগ আৰু সেনাৰ কেইবাজনো শীর্ষ বিষয়া। আৰু 'ধ্রুৱা এডভান্সড লাইট হেলিকপ্টাৰ’ত সসজ্জিত হৈ পাকিস্তানৰ ভূ-ভাগলৈ সোমাবলৈ উদ্যত হােৱা বিশেষজ্ঞ সেনাৰ দলটো। কোনোৱে গম নোপোৱাকৈ সেনা-বাহিনীৰ ‘৪ পেৰা” আৰু ‘৯ পেৰা'ৰ ২৫জন কমাণ্ডোৱে সম্পূর্ণভাৱে সাজু হৈছিল প্রকৃত নিয়ন্ত্রণ ৰেখাৰ সিপাৰে। আশ্রয় লৈ থকা সন্ত্রাসবাদীৰ ঘাটি উৎখাত কৰিবলৈ। প্রকৃত নিয়ন্ত্রণ ৰেখাৰ সিপাৰে থকা পাক অধিকৃত কাশ্মীৰত ছাউনী পাতি আশ্রয় লৈ থকা সন্ত্রাসবাদীৰ তন্ত্রসমূহ এফালৰ পৰা কৰিবলৈ সংকল্পবদ্ধ হৈছিল ২০জনীয়া কমাণ্ডো দলটােৱে৷ উল্লেখ্য, সন্ত্রাসবাদীৰ এই অস্থায়ী তন্ত্রসমূহৰ প্ৰতিটােতে ৬-৭জনকৈ সন্ত্রাসবাদী একেলগে থাকে। গতিকে মাজনিশা কোনোৱে গম নোপোৱাকৈ “ব্ৰুৱ এডভান্সড় লাইট ভূমিত নমোৱাৰ পিছতে ঘূৰি আহে কেম্পলৈ। ২৫জনীয়া কমাণ্ডোৰ দলটােৱে ৰাতিৰ লেণ্ডমাইনৰ মাজেৰে তিনি কিলোমিটাৰপর্যন্ত আগবাঢ়ে। তদুপৰি সীমান্তত থকা পাকিস্তানী সেনাৰ ভাবুকি আছেই। দলটােৰ লক্ষ্য আছিল। তিনি কিলোমিটাৰ ভিতৰত থকা সন্ত্রাসবাদীৰ ৭টা তন্ত্র। সেইকেইটাক ধ্বংস কৰিলেই হ’ব অভিযানৰ সফলতা। এই তাম্বুকেইটাত আশ্রয় লৈ থকা সন্ত্রাসবাদীকেইটা ভাৰতত প্ৰৱেশ কৰিবলৈ অপেক্ষা কৰি আছিল। পাক অধিকৃত কাশ্মীৰৰ ভিম্বাৰ, কেল, টাট্টাপানী আৰু লীপা এলেকাত সন্ত্রাসবাদীসকলে আশ্রয় লৈ আছিল। ‘৬ বিহাৰ’ আৰু ‘১০ ডোগ্ৰা’ ইউনিট”ৰ “ঘটক প্লাটুন’ৰ এই কমাণ্ডাৰসকল আছিল মাজনিশা এনে দুৰ্গম ঠাইত অভিযান চলাবলৈ সক্ষম হােৱা দল, গতিকে তেওঁলোকক এই দায়িত্ব অৰ্পণ কৰা হয়। তদুপৰি উৰিত হােৱা সন্ত্রাসবাদী আক্ৰমণত তেওঁলোকৰেই সহযোগী সেনাৰ মৃত্যু হৈছিল। সেয়েহে এই খতিয়ানৰ বাবে তেওঁলোকক দায়িত্ব দিয়া হয়।
0 comments:
Post a Comment