নতুন ঠিকনা হ’ব অহা বছৰ ৰাষ্ট্রপতি হিচাপে কার্যকাল সমাপ্ত হ’বলগীয়া প্ৰণৱ মুখাৰ্জীৰ ৩৪ এপিজে আব্দুল কালাম ৰোডস্থিত বাংলো। কেন্দ্রীয় চৰকাৰৰ নগৰোন্নয়ন মন্ত্র্যালয়ে পূৰ্বৰ লোকসভাৰ সদস্য পি এ চাংমাৰ পৰিয়ালক উক্ত বাংলোটাে খালী কৰিবলৈ অনুৰোধ জনাইছে। উল্লেখনীয় যে অহা জুলাই মাহত ৰাষ্ট্রপতি হিচাপে প্ৰণৱ মুখাৰ্জীৰ কাৰ্যকাল অস্ত পৰিব। ইয়াৰ পিছতেই তেওঁ বাস কৰিব উক্ত আৱাসটোত। সম্প্রতি ৩৪ এপিজে আব্দুল কালাম ৰোড স্থিত টাইপ-৪ বাংলোটােত প্ৰয়াত চাংমাৰ পুত্ৰই বাস কৰি আছে। তেওঁ বর্তমান মেঘালয়ৰ তুৰা লোকসভা সমষ্টিৰ সাংসদ | প্রথমবাৰৰ বাবে সাংসদ হিচাপে নির্বাচিত হােৱা কোনো জনপ্রিতিনিধিয়ে টাইপ-৪ বাংলোত বাস কৰাৰ বাবে অধিকাৰ নাপায়। চৰকাৰী আৱাসৰ নিয়ম অনুসৰি এই বাংলোটাে শীর্ষ শ্রেণীৰ। বিভাগীয় সূত্রই প্রকাশ কৰা অনুসৰি ৰাষ্ট্রপতি সচিবালয়েও নগৰােন্নয়ন মন্ত্র্যালয়ক অনুৰোধ জনাইছে যে মুখাৰ্জীৰ বাবে এটা আৱাসৰ ব্যৱস্থা কৰা উচিত।
বাসভৱন সলনি প্রক্রিয়া আৰম্ভ ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীৰ

0 comments:
Post a Comment