উগ্ৰপন্থী-জেহাদীয়ে সমাগত পোহৰৰ উৎসৱ দীপাৱলীৰ আগে পিছে ৰাজ্যত ভয়াৱহ কূটাঘাত সংঘটিত কৰিব পাৰে । সন্ত্রাসেৰে অস্থিৰতা সৃষ্টিৰ লক্ষ্যৰে ৰচা এনে পৰিকল্পনাৰ তথ্য ইতিমধ্যে চোৰাংচোৱাৰ হাতত পৰিছে। এই তথ্য চোৰাংচোৱাই জনোৱাৰ পাছতে সম্ভাব্য কূটাঘাতৰ আশংকাত নিদ্রা হৰিছে গৃহ বিভাগ আৰু অসম আৰক্ষীৰ। দিছপুৰৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, উগ্ৰপন্থী-জেহাদীয়ে যাতে কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ ভাবেআৰক্ষী অধীক্ষকসকলক গৃহ বিভাগে সতর্ক কৰি দিছে। তাৰ ভিত্তিতে কেইবাখনাে জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা। উচ্চ শব্দযুক্ত ফটক বিক্ৰী তথা ফুটােৱা নিষিদ্ধ কৰি দিয়া হৈছে। সেইদৰে ফটিকা ফুটােৱাৰ ক্ষেত্ৰত ধার্য কৰি দিছে নির্দিষ্ট সময়সীমা। চােৰাংচােৱাই দিয়া তথ্যৰ উদ্ধৃতিৰে সূত্ৰটােৱে সদৰী কৰা অনুসৰি উগ্ৰপন্থী-জেহাদীয়ে মূলতঃ লক্ষ্য কৰি ল’ব পাৰে তেল পৰিবাহী পাইপ লাইন, এল পি জি বাঁটলিং প্লেণ্ট, ৰে’লপথ, বিমানবন্দৰ, ৰাজহুৱা তথা ঐতিহ্যপূর্ণ স্থানক। এই স্থানসমূহক স্পর্শকাতৰ ৰূপে চিহ্নিত কৰি তাৰ নিৰাপত্তাৰ প্ৰতি চােকা নজৰ ৰখা হৈছে। উজনি-নামনি ৰাজ্যৰ সৰ্বত্র কূটাঘাতৰ আশংকা। বিশেষকৈ উজনিত আলফা (স্বাধীন) আৰু নামনিত এন ডি এফ বি (সং) আৰু বিশ্বত্ৰাস সন্ত্রাসবাদী সংগঠন আইছিছৰ মদতপুষ্ট জামাত-উল-মুজাহিদীন, বাংলাদেশৰ (জে এম বি) দৰে জেহাদী শক্তিয়ে বোমা বিস্ফোৰণ, গ্রেনেড নিক্ষেপ, নির্বিচাৰ গুলীচালনা আদিৰ দৰে কাৰ্য সংঘটিত কৰিব পাৰে। এতিয়া উগ্রপহী-জেহাদীৰ কূটাঘাতৰ পৰিকল্পনা ৰােধত নিৰাপত্তা বাহিনী কিমান সফল হয়, সেয়া লক্ষণীয় হ’ব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment