ভাৰতে ২০০খন যুদ্ধবিমান চুবুৰীয়া ৰাষ্ট পাকিস্তানৰ সৈতে যুদ্ধসদৃশ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়তে ক্রয়ৰ পৰিকল্পনা কৰিছে। ভাৰতে বিদেশী ৰাষ্ট্ৰৰ পৰা ২০০খন ছিংগল ইঞ্জিনসমৃদ্ধ যুদ্ধবিমান কিনাৰ পৰিকল্পনা যুগুত কৰিছে ভাৰতীয় বায়ুসেনা বাহিনীৰ এক সূত্রত প্রকাশ । অৱশ্যে নির্মাণকর্তাই এই বিমানসমূহ ভাৰতীয় সংস্থাৰ সৈতে যৌথ উদ্যোগত ভাৰতত প্রস্তুত কৰিব লাগিব বুলি ভাৰতে বিদেশী ৰাষ্ট্ৰৰ ওচৰত চৰ্ত আৰোপ কৰিছে। প্ৰাৰম্ভিক পর্যােয়ত ২০০টা ছিংগল ইঞ্জিনসমৃদ্ধ যুদ্ধ বিমান কিনাৰ পৰিকল্পনা কৰিলেও পিছত এই সংখ্যা ৩০০লৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে উল্লেখ কৰে। এই পৰিকল্পনা বাস্তৱত ৰূপায়িত হ’লে এয়া হ’ব দেশৰ সৰ্ববৃহৎ অস্ত্ৰ লেনদেন চুক্তি। এই বৃহৎ পৰিমাণৰ যুদ্ধবিমান ক্রয়ে নিশ্চিতভাৱে দেশৰ বায়ু সেনাক অধিক শক্তিশালী কৰিব।
২০০ যুদ্ধবিমান ক্ৰয়ৰ পৰিকল্পনা ভাৰত:: শক্তিশালী কৰিব বায়ু সেনাক

0 comments:
Post a Comment