আজমলক সাক্ষাৎ বিজেপি প্রার্থী প্রদান বৰুৱাৰ:: আশীর্বাদ বিচাৰিলে



ৰাজনৈতিক দলসমূহৰ ভিতৰত নির্বাচনকেন্দ্রিক তৎপৰতা লখিমপুৰ লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে। প্রার্থিত্ব ঘোষণাৰ দুদিন পিছতেই শনিবাৰে দুপৰীয়া এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদিন আজমলক সাক্ষাৎ কৰে বিজেপিৰ প্ৰক্ষেপিত প্রার্থী প্রদান বৰুৱাই। দিনৰ প্ৰায় ২.১৫ বজাত বিধায়ক আব্দুৰ ৰহিম আজমলৰ ৬ বি আৱাসত আজমলক সাক্ষাৎ কৰে বিজেপি প্রার্থী বৰুৱাই। প্রায় পাঁচ মিনিট ধৰি চলা বৈঠকত প্রার্থী বৰুৱাই আজমলক উদ্দেশ্যি কয়—“আপোনাৰ আশীর্বাদ ল’বলৈ আহিছোঁ। আপুনি মোক সহায় কৰিব লাগিব আৰু আপোনাৰ হাতত ধৰিয়েই মই দিল্লীলৈ যাব বিচাৰিছো।” সাক্ষাৎকালত এ আই ইউ ডি এফৰ সভাপতি আজমলে প্রার্থী বৰুৱাক আশীর্বাদ দি দলে সিদ্ধান্ত ল’লে নিশ্চয় সহায় কৰিব বুলি কয়। উল্লেখ্য, লখিমপুৰ লোকসভা সমষ্টিৰ অন্তর্গত নাওবৈচা বিধানসভা সমষ্টিটো বর্তমান এ আই ইউ ডি এফৰ দখলত আছে
Share on Google Plus

About Unknown

0 comments:

Post a Comment