সন্ত্রাসবাদীৰে প্ৰত্যক্ষ সম্পর্ক পাকিস্তানৰ ৯৩ মাদ্ৰাছাৰ::অভিযান চলোৱাৰ বাবে সাজু চৰকাৰ



পাকিস্তানত সন্ত্রাসবাদীৰ কুটাঘাত বৃদ্ধি পোৱাৰ ফলত সন্ত্রাসবাদী গোট অথবা নিষিদ্ধ উগ্রপহীৰ সৈতে সম্পর্কিত মাদ্ৰাছাত অভিযান চলাব পাকিস্তান চৰকাৰে। দেশখনৰ সিন্ধ প্রদেশত প্রায় ৯৩খন মাদ্ৰাছাই সন্ত্রাসবাদী সংগঠনৰ সৈতে সম্পর্ক ৰক্ষণ কৰি চলাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই ন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে সাজু হৈছে। পাকিস্তানৰ মাদ্ৰাছাসমূহে ইছলামিক সন্ত্রাসবাদী সৃষ্টি কৰি থকাটাে ইতিমধ্যে বিশ্বব্যাপী চর্চা লাভ কৰাৰ সময়তেই এইবাৰ খোদ চৰকাৰেই মাদ্ৰাছাৰ বিৰুদ্ধে সন্ত্রাসবিৰোধী অভিযান চলাবলৈ বাধ্য হৈ পৰিছে। সিন্ধ প্ৰদেশৰ মুখ্যমন্ত্রীৰ বাসভৱনত কালি আইন-শৃংখলাজনিত বিষয়ক লৈ পর্যালোচনা বৈঠকত উক্তসংখ্যক মাদ্ৰাছাত সন্ত্রাসবাদীক লালন-পালন কৰি থকা বিষয়টােক লৈ গভীৰ চৰ্চা চলে। মুখ্যমন্ত্রী মুৰাদ আলী শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত পাক ৰেঞ্জাৰ্ছৰ সঞ্চালকপ্রধান মেজৰ জেনেৰেল বিলাল আকবৰ, প্রাদেশিক চােৰাংচােৱা সংস্থাসমূহৰ মুৰব্বীৰ লগতে নাগৰিক সমাজৰ নেতাও উপস্থিত আছিল বুলি পাক সংবাদ মাধ্যমত প্রকাশ পাইছে। বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ত্রাসবাদীক লালন-পালন কৰা মাদ্ৰাছাসমূহৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে সাজু হ’বলৈ আৰক্ষী আৰু ৰেঞ্জাৰ্ছক নির্দেশ দিয়া বুলি বাতৰিত প্রকাশ পাইছে। পৱিত্ৰ স্থান ব্যৱহাৰ দিয়া নহ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে মন্তব্য কৰি চােৰাংচােৱা সূত্ৰৰ আধাৰত অভিযান চলোৱা হ’ব বুলি ঘোষণা কৰে। ৪০ দিনীয়া ধর্মীয় অনুষ্ঠান ছেহলামৰ অশুৰা দিনাৰ পাছৰে পৰাই এই অভিযান চলোৱা হ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment