এ আই ইউ ডি এফ কার্যতঃ উলম্ব বিভাজনৰ দিশে অগ্ৰসৰ হৈছে। দলটােৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে একনায়কত্ববাদ আৰু স্বৈৰাচাৰিতাৰ অভিযোগ তুলি দলৰ দুগৰাকী উপ সভাপতি আৰু তিনিগৰাকী সাধাৰণ সম্পাদক ৰাজীৱ ভৱনত খোজ পেলোৱাৰ আৰম্ভ কৰিছে অতি সংগোপনে। ইতিমধ্যে এজন জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সৈতে একাধিকবাৰ অনানুষ্ঠানিক আলোচনাত মিলিত হৈছে বিৰােধী দলটােৰ কেউগৰাকী নেতাই। এনে এক পৰিস্থিতিত অচিৰেই ইউ ডি এফ বিভক্ত হােৱাৰ আশংকাই দেখা দিছে। অৱশ্যে, দলটােৰ সভাপতি আজমলৰ অজ্ঞাতেই চলিছে তেওঁৰ সহযোগীসকলৰ কংগ্ৰেছ গমনৰ পর্ব। ইয়াৰ অংশস্বৰূপে দেওবাৰে দলটােৰ ৰহাৰ প্রাক্তন বিধায়ক গুণেশ্বৰ দাস আৰু সমষ্টিটােৰ ২৮খন আঞ্চলিক সমিতিয়ে দল ত্যাগ কৰি অনানুষ্ঠানিকভাৱে কংগ্ৰেছত যোগ দিছে। ইয়াৰ লগে লগে ইউ ডি এফত বিভাজনৰ ৰাজনীতি তুংগত উঠিছে। দলটােৰ এটা ভিতৰুৱা সূত্রই সদৰী কৰা মতে, সভাপতি আজমলৰ কথা আৰু কামৰ মাজত মিল নথকা তথা সংগোপনে বিজেপিৰে মিতিৰালি কৰা কার্যত ক্ষুব্ধ হৈ উঠিছে দলটােৰ অধিকাংশ নেতা-কর্মী। এনে এক পৰিস্থিতিত দলৰ সভাপতিৰ বিৰুদ্ধে বিষোদগাৰ প্রকাশ কৰি বিগত বিধানসভা নির্বাচনৰ পূর্বে দলত্যাগ কৰি বিজেপিত যোগদান কৰিছিল দলটােৰ যুৱ মৰ্চাৰ সভাপতি বাডিউজ জামানে। সদৰী কৰামতে, দলত আজমলৰ ইচ্ছাই আইন। কোনো কথাই তেওঁ দলীয় কর্মীৰ সৈতে আলোচনা নকৰাকৈ নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ পৰিপ্রেক্ষিতত এইবাৰ পাঁচগৰাকী জ্যেষ্ঠ নেতাই দলত্যাগ কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে। ধুবুৰী, দক্ষিণ শালমাৰা, গৌৰীপুৰ, গোৱালপাৰা, বিলাসীপাৰা, বৰপেটা আদি সমষ্টিত দলৰ খহনীয়া আৰম্ভ হৈছে। আনকি, সভাপতি আজমলৰ সাংসদ ভ্রাতৃ চিৰাজউদ্দিন আজমলৰ ছাঁটােকে দেখিবলৈ নোপোৱাত ক্ষুব্ধ হৈ উঠিছে বৰপেটা লোকসভা সমষ্টিৰ ইউ ডি এফ কর্মী-সমর্থকসকল। তেওঁলোকৰ অভিযোগ— দলৰ সাংসদগৰাকীয়ে দলীয় কর্মীক এৰাই চলি বছৰটােৰ সৰহভাগ সময় দিল্লী-মুম্বাইত কটােৱাত সমষ্টিটােৰ সাংগঠনিক ভেটিও দুর্বল হৈ পৰিছে। বিগত বিধানসভা নির্বাচনত বাৰুকৈয়ে মুখঠেকেচা খোৱা ইউ ডি এফৰ সমৰ্থকসকল হয় কংগ্ৰেছ, নহয় বিজেপিমুখী হৈছে। অৱশ্যে, সকলোবোৰ জানি-শুনিও ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে সভাপতি আজমলে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment