এন আৰ চিত অসংখ্য ভুৱা নথি-পত্র উদ্ধাৰ::খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন



খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাৰ ক্ষেত্রত ৰাষ্ট্রীয় নাগৰিকপঞ্জীয়ে (এন আৰ চি) আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি ৰাজ্যবাসীয়ে আশা কৰিলেও হাজাৰ হাজাৰ অবৈধ বাংলাদেশীৰ নাম এন আৰ চিত অন্তর্ভুক্ত কৰাৰ বাবে নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিছে বিভিন্ন চক্রই৷ এন আৰ চিৰ প্র-পত্র পূৰণ প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছত সম্প্রতি ৰাজ্যত অব্যাহত থকা ভেৰিফিকেশ্যন প্রক্রিয়াত জাপে জাপে ভুৱা নথি-পত্র উদ্ধাৰ হোৱা ঘটনাৰ পাছত এই শংকা অধিক ঘনীভূত হৈ পৰিছে৷ ৰাজ্যত অব্যাহত থকা এন আৰ চিৰ ভেৰিফিকেশ্যন প্রক্রিয়াত ধৰা পৰিছে বৃহৎ পৰিমাণৰ ভুৱা নথি-পত্র৷ ৰাজ্যৰ বিভিন্ন জিলাত বর্তমানলৈকে 50 হাজাৰৰো অধিক ভুৱা নথি-পত্র উদ্ধাৰ হোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ ভেৰিফিকেশ্যন প্রক্রিয়াত এই বৃহৎসংখ্যক ভুৱা নথি-পত্র উদ্ধাৰ হোৱাৰ পাছত স্বাভাৱিকতেই সন্দেহযুক্ত লোকে ভুৱা নথি-পত্র দাখিলেৰে এন আৰ চিত নাম সুমুৱাবলৈ নিৰন্তৰ চেষ্টা অব্যাহত ৰখা বিষয়টো উন্মোচিত হৈছে৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক কার্যালয়ৰ এক উচচস্তৰীয় সূত্রই প্রকাশ কৰা অনুসৰি, নামনি অসম, বৰাক উপত্যকাত সর্বাধিকসংখ্যক ভুৱা নথি-পত্র উদ্ধাৰ হৈছে৷ ইফালে, কেৱল ধুবুৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, নলবাৰী, কামৰূপ জিলাতে বিছ সহস্রাধিক ভুৱা নথি-পত্র উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে৷ সেইদৰে বৰাক উপত্যকাৰ হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ জিলাত কেইবাহাজাৰ ভুৱা নথি-পত্র উদ্ধাৰ হৈছে৷ ইপিনে, ভুৱা নথি-পত্র যোগান ধৰাৰ সন্দর্ভত ৰাজ্যত বর্তমানলৈকে 140টা গোচৰ ৰুজু হৈছে৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই প্রকাশ কৰা অনুসৰি ৰুজু হোৱা গোচৰ সন্দর্ভত আৰক্ষীয়ে ইতিমধ্যে বহুকেইজন লোকক গ্রেপ্তাৰ কৰিছে৷ ৰুজু হোৱা গোচৰসমূহৰ ভিতৰত নলবাৰী জিলাত 33টা, চিৰাঙত 22টা, ধুবুৰীত 5টা, কাছাৰত 6টা, মৰিগাঁৱত 5টা, নগাঁৱত 15টা, বঙাইগাঁৱত 6টা, কার্বি আংলঙত 5টা, কামৰূপত 9টা, বৰপেটাত 17টা, দৰঙত 11টা, কোকৰাঝাৰত 6টা, গোৱালপাৰাত 4টা, হাইলাকান্দিত 3টা৷ মন কৰিবলগীয়া যে সন্দেহযুক্ত লোকৰ নাম এন আৰ চিত অন্তর্ভুক্ত কৰাৰ বাবে একাংশ ৰাজনৈতিক শক্তিয়ে নিৰন্তৰ চেষ্টা অব্যাহত ৰখাৰ লগতে জালিয়াতিৰে ভুৱা নথি-পত্র যোগান ধৰাৰ তথ্যও পোহৰলৈ আহিছে৷ উল্লেখযোগ্য যে এন আৰ চিৰ বাবে ৰাজ্যৰ 68.32 লাখ পৰিয়ালে প্র-পত্র পূৰণ কৰিছিল৷ প্র-পত্রৰ সৈতে জমা হোৱা 6.63 কোটি নথি-পত্রৰ ভিতৰত বর্তমানলৈকে 4.94 কোটি নথি-পত্রৰ ভেৰিফিকেশ্যন সম্পূর্ণ হৈছে৷[উৎস ::দৈনিক জনমভূমি ]
Share on Google Plus

About Unknown

1 comments:

  1. ভূৱা নথি দিয়া কিটাৰ শাস্থি কি হব?

    ReplyDelete