কহিনুৰ থিয়েটাৰৰ প্রযোজক ৰতন লহকৰ আৰু আৱাহন থিয়েটাৰৰ প্রযোজক কৃষ্ণ ৰয়লৈ জনোৱা হৈছে লিঅ’ এক্সপ' শিল্পী সন্মান । সাংস্কৃতিক ক্ষেত্ৰৰ এই পুৰোধা ব্যক্তি দুগৰাকীৰ সমান্তৰালকৈ বিশিষ্ট সাংবাদিক সমুদ্রগুপ্ত কাশ্য পলৈ লিঅ' এক্স প’ সাংবাদিকৰ সন্মান আগবঢ়োৱা হৈছে। ২০১৬ বৰ্ষৰ বাবে বাছনি কৰা এই তিনিগৰাকী বিশিষ্ট ব্যক্তিক গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেণ্টাৰত অহা ৬ নৱেম্বৰত আনুষ্ঠানিকভাৱে এই সন্মান প্রদান কৰা হ’ব। দুয়োটা সন্মানতে থাকিব নগদ এক লাখ টকা, প্রশস্তিপত্র, স্মাৰক আৰু চেলেং চাদৰ। কালি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত লিঅ' এক্সপ' সন্মান বাছনি সমিতিৰ অধ্যক্ষা মলয়া গোস্বামী, সদস্যদ্বয় প্রণয় বৰদলৈ আৰু প্রশান্ত ৰাজগুৰুৱে এই কথা ঘোষণা কৰে। মলয়া গােস্বামীয়ে কয় যে অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অনবদ্য বৰঙণি আৰু অসমীয়া কলা-সংস্কৃতিক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ বাবেই এই দুই প্রযোজকক সন্মান যচা হৈছে। ইফালে, ৰাষ্ট্ৰীয় বাতৰিকাকত ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ সহকাৰী সম্পাদক সমুদ্রগুপ্ত কাশ্যপে অসম তথা পূর্বোত্তৰৰ স্পর্শকাতৰ দিশবােৰ ৰাষ্ট্ৰীয় প্রেক্ষাপটত তুলি ধৰি আগবঢ়োৱা সংবাদ সেৱাৰ বাবেই এই সন্মান যচা হৈছে বুলি প্রণয় বৰদলৈয়ে কয়। সংবাদ মেলত প্রশান্ত ৰাজগুৰুৱে যোগ্যজনক সন্মান যাচি যোৱাটাে নৈতিক কর্তব্য বুলি কৈ আয়োজক মণ্ডলীৰ এনে ইতিবাচক কৰ্মৰাজিৰ শলাগ লয়।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment