অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নিৰাপত্তা অধিক সুদৃঢ় কৰাৰ বাবে ৰাজ্যৰ গৃহ বিভাগে কেন্দ্রীয় চৰকাৰলৈ এক প্রস্তাৱ প্ৰেৰণ কৰিছে। ৰাজ্যৰ গৃহ আয়ুক্ত এল এছ ছাংচনে এই কথা জানিবলৈ দি কয় যে মুখ্যমন্ত্রীৰ নিৰাপত্তা ব্যৱস্থাটাে পর্যালোচনাৰ পাছত এই প্রস্তাৱ কেন্দ্রীয় গৃহ মন্ত্র্যালয়লৈ প্ৰেৰণ কৰা হৈছে। সেই অনুসৰি মুখ্যমন্ত্ৰীগৰাকীক জেড কেটেগৰীৰ নিৰাপত্তা ব্যৱস্থা দিয়াৰ লগতে তেওঁৰ কাষত এন এছ জি কমাণ্ডো দিয়াৰ বাবে প্রস্তাৱ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে মুখ্যমন্ত্রী সোণোৱালৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিবলৈ অসম বিধানসভাত সৰ্বসন্মতিভাৱে এক প্রস্তাৱ গ্ৰহণ কৰা হৈছিল। বিধানসভাত গৃহীত হােৱা প্রস্তাৱ অনুযায়ী কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে মুখ্যমন্ত্রীৰ নিৰাপত্তা ব্যৱস্থাৰ এক প্রতিবেদন দাখিলৰ বাবে ৰাজ্যৰ গৃহ বিভাগক নির্দেশ দিছিল। সেইমৰ্মে গৃহ বিভাগে মুখ্যমন্ত্রক জেড কেটেগৰীৰ নিৰাপত্তাৰ লগতে এন এছ জি নিৰাপত্তা বেষ্টনীৰো কথা প্রস্তাৱযোগে দিল্লীক অৱগত কৰে। মন কৰিবলগীয়া যে এগৰাকী ভি আই পি অথবা ভি ভি আই পিক জেড প্লাছ কেটেগৰী নাইবা জেড কেটেকৰী নিৰাপত্তা ব্যৱস্থা দিয়া বিষয়টাে গৃহ মন্ত্র্যালয়ে নির্ধাৰণ কৰে। ইয়াৰ পূর্বে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত আৰু তৰুণ গগৈকো জেড কেটেগৰীৰ নিৰাপত্তা প্রদান কৰা হৈছিল। উগ্রপহীৰ ভাবুকি থকা অসমত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালকো সেয়েহে জেড কেটেগৰী নিৰাপত্তাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে গৃহ বিভাগে। জেড কেটেগৰী নিৰাপত্তা লাভ কৰিলে মুখ্যমন্ত্রীক ২২জন সশস্ত্ৰ জোঁৱানে আৱৰি ৰখাৰ লগতে নিৰাপত্তাৰ সকলো দিশ কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে চােৱাচিত কৰিব। সাধাৰণতে জেড কেটেগৰীৰ নিৰাপত্তা লাভ কৰা ভি আই পিক এছ পি জি জোৱানৰ নিৰাপত্তা বেষ্টনীত ৰখা হয় যদিও মুখ্যমন্ত্রী সোণোৱালৰ বাবে এন এছ জি জোৱানৰ নিৰাপত্তা বেষ্টনী বিচৰা হৈছে। কালি গৃহ আয়ুক্ত ছাংচনে কেন্দ্রীয় চৰকাৰলৈ এই প্রস্তাৱ প্ৰেৰণ কৰাৰ পাছত অতি সোনকালে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে জেড কেটেগৰী নিৰাপত্তা বেষ্টনীৰ মাজত সোমাই পৰাটো নিশ্চিত হৈছে।
Home / মুখ্যমন্ত্রী সোণোৱাল
/ মুখ্যমন্ত্রী সোণোৱালক জেড প্লাছ নিৰাপত্তা প্ৰদানৰ প্ৰস্তাৱ::তৎপৰ গৃহ বিভাগ
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment