অসমৰ শিক্ষক নিযুক্তি অৰ্হতা আইনৰ সংশোধন ঘটিব:::শিক্ষামন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা



ৰাজ্যৰ শিক্ষিত নিবনুৱাসকললৈ সুখবৰ ! আগন্তুক ৫ বছৰৰ বাবে শিক্ষক নিযুক্তি প্রক্রিয়াত প্রয়োজনীয় বৃত্তিগত অৰ্হতা আইনৰ সংশোধন ঘটাব। —এই কথা ছ’চিয়েল নেটৱৰ্কিং ছাইট টুইটাৰযোগে সদৰী কৰিছে শিক্ষামন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ প্ৰকাশ কৰা মতে, যদিহে আইনখনৰ সংশোধনীৰ জৰিয়তে বৃত্তিগত অৰ্হতা ৰেহাই দিয়া হয়, তেন্তে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ২০ হাজাৰতকৈও অধিক শিক্ষক নিযুক্তি দিব পৰা অৱস্থাত আছে। উল্লেখ্য যে সম্প্রতি মাধ্যমিক পর্যােয়ত শিক্ষক হিচাপে নিযুক্তি পাবলৈ হ’লে সংশ্লিষ্ট প্রার্থীজনৰ বি এড ডিগ্ৰী বাঞ্ছনীয়। তদুপৰি স্নাতক চূড়ান্ত পৰীক্ষাত কমেও ৫০ শতাংশ নম্বৰ থাকিব লাগে। একেদৰে প্ৰাথমিক পর্যােয়ত প্রার্থীজন টেট উত্তীর্ণ হােৱাৰ লগতে ডি এল এড ডিগ্ৰী থকাটাে বাধ্যতামূলক। 
Share on Google Plus

About Unknown

0 comments:

Post a Comment