সমগ্ৰ দেশতে এটা আলোচনা তুংগত উঠিছে । বাবা ৰামদেৱ আৰু আচাৰ বালাকৃষ্ণই বিদেশী বিলাসী গাড়ীত কিয় ঘুৰে ??বালাকৃষ্ণৰ এখন বিদেশী বিলাসবহুল গাড়ী হৈছে Range Rover আৰু আনখন হৈছে PAJERO,আনহাতে ৰামদেৱৰ দুখন হৈছে ক্ৰমে AUDI আৰু Ferrary. গাড়ী কেইখন কোটিটকীয়া ।
আজিকালি অন্ধভক্ত সকলক লৈ এটা ডাঙৰ সমস্যা হৈছে । কোনো কথা যুক্তিপূৰ্ণ আলোচনাৰ মেজলৈ আনিবই নোৱাৰি । ৰাষ্ট্ৰীয় মাধ্যমত এই আলোচনা হোৱাটো ভাল হৈছে । বালাকৃষ্ণ কেইবছৰমানৰ আগতে চাইকেল খনকে সম্বল কৰি ঘুৰিছিল আৰু তাৰ ফটোও প্ৰদৰ্শন কৰা হৈছে । এতিয়া কোটিটকীয়া দুখন গাড়ী । ৰামদেৱে BJP ক্ষমতালৈ অহাৰ আগতে আস্থা চেনেলত চুইচ বেংকৰ ক'লাধন লৈ বহুত ভাষণ মাৰিলে । দুবছৰ বাবাৰ মুখত ভেকুলী সোমাল । ক'লাধন ৰ কথাই নুলিওৱা হল । স্বদেশৰ কথা কৈ যেতিয়া এওলোকে নিজৰ বেপাৰ ৰমৰমীয়া কৰিছে , তেতিয়াহলে স্বদেশৰ লাভ হৈছেনে নাই সেইকথা হিচাপ কৰাৰ অধিকাৰ স্বদেশী সকলৰ থাকিবই লাগিব । 200 কোটি টকাত এটা দ্বীপ কিনা বুলি ওলোৱা খবৰ ৰামদেৱে খণ্ডন কৰা নাই । ৰামদেৱে যে ভক্তগণক ৰামঠগন দি আছে তাত সন্দেহ নাই । কিন্তু তেওঁলোকৰ সম্পত্তিৰ উৎসৰ তদন্ত হব লাগে । ভাৰতৰ কেইবজনো বাবাৰ শেষ আশ্ৰম মন্দিৰত নহৈ জেলতে হোৱা দেখা গৈছে । আইনৰ উৰ্দ্ধত আচৰন কৰিবলৈ দিব নালাগে । স্বদেশী মালৰ কথা কৈ নিজে বিদেশী বিলাসবহুল মাল ব্যৱহাৰ কৰাজন চলনা কৰা অভিযোগত অভিযুক্ত হব নে নাই সেই কথা আইন জ্ঞান সকলে আলোচনা কৰিব । কপি...... [যুগুতালে :: তপন কুমাৰ শইকীয়া ]
0 comments:
Post a Comment