উৎসৱৰ বতৰত স্বাভাৱিকতেই আমাৰ মনবােৰ ফৰকাল হৈ থাকে। তাতে যদি পোহৰৰ উৎসৱৰ দৰে উৎসৱ হয়, তেন্তে ইয়াৰ আনন্দ হৈ পৰে অধিক ব্যাপক আৰু গভীৰ। কাৰণ এই উৎসৱত সকলোৱে সমানে ভাগ ল’ব পাৰে। ধর্ম আৰু বৰ্ণৰ পৰিধি অতিক্ৰমিও মানুহে এনে উৎসৱ আয়োজন কৰে। স্বাভাৱিকতেই মনলৈ এক প্রশাস্তি, আলোকময়তা কঢ়িয়াই অনাত এনে উৎসৱে ভূমিকা গ্রহণ কৰিব পাৰে। মানুহক আলোক অভিমুখে যাত্রা কৰিবলৈ অনুপ্রাণিত কৰিব পাৰে এনে উৎসৱে। কিন্তু কথা হ’ল অসমীয়া মানুহৰ মনবোৰ এইবাৰ বৰ ফৰকাল নহয়। কাৰণ বহুতো। আটাইতকৈ ডাঙৰ কাৰণ হ’ল এটা দুঃসহ স্মৃতি। ভয়ংকৰ আঘাতৰ স্মৃতি। কিছুবছৰ পূর্বে অসমৰ বিভিন্ন ঠাইত ৩০ অক্টোবৰৰ দিনা সংঘটিত হােৱা ভয়ংকৰ নৰসংহাৰৰ দুঃসহ স্মৃতিয়ে আজিও যে অসমীয়া মানুহক কন্দুৱাই আছে, সেই কথা প্রমাণ হ’বলৈ একো বাকী নাই। কাৰণ উৎসৱৰ আয়োজন কৰিবলৈ গৈও মানুহে থমকি ৰৈ এবাৰ ভাবিছে সেই অতিশয় দুর্ভাগ্যজনক ভয়ংকৰ দিশটােৰ কথা। কত মানুহে নিজৰ নাযায়। কোনো সংবেদনশীল, সহানুভূতিশীল মানুহেই নোৱাৰে পাহৰিবলৈ। কিন্তু ইয়াৰ প্ৰতিৰোধৰ বাবে নিশ্চয় সকলোৱে চেষ্টা কৰিব পাৰে। সজাগসচেতনতাই হেনো বহু বিপদৰ পৰা মানুহক আঁতৰাই ৰাখিব পাৰে। আমিও সকলো সময়তে, বিশেষকৈ উৎসৱ আদি স্পর্শকাতৰ সময়বোৰত সজাগতাসচেতনতা বজাই ৰাখিলে নিশ্চয় কিছুমান বিপদ নাশ হ’ব পাৰে। অসমৰ উৎসৱবোৰৰ অন্তর্নিহিত তাৎপর্যও সেয়াই। বিপদ নাশ। সম্পদময় দিনৰ পূর্বাভাস। উৎসৱসমূহৰ এই তাৎপর্য অধিক শক্তিশালীভাৱে, অধিক প্ৰভাৱশালীভাৱে সমাজত বিয়পি পৰক, সেই আশা আমি সকলোৱে কৰোঁ । লগতে পোহৰৰ সন্ধানেই যে মানুহৰ কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূর্ণ দিনবোৰ অধিক আনন্দ আৰু আলোকময় হয়। দীপাৱলী মূলতঃ পোহৰৰ উৎসৱ। আমাৰ পৰম্পৰাই কয়— শুভদিনক আৱাহনৰ বাবেই এই উৎসৱৰ আয়োজন কৰা হয়। আন্ধাৰক আঁতৰাই ভৱিষ্যতৰ খোজবোৰ যাতে পোহৰ বিটেীত বাটত পৰে, সেই আশাৰে বন্তি জুলাই প্রতীকীভাৱে আন্ধাৰৰ বিৰুদ্ধে যুঁজ কৰা হয়। কিন্তু দেখিবলৈ পোৱা গৈছে। এই উৎসৱৰ আনন্দ আৰু উদ্দেশ্য এতিয়া তল পৰিছে। এতিয়া আৰম্ভ কঢ়িয়াই অনাৰ উপক্ৰম কৰিছে। পোহৰৰ আৱাহনৰ বাবে কেৱল এগছি বন্তি জুলালেই যথেষ্ট। কিন্তু তাকে নকৰি হাজাৰ হাজাৰ, লাখ লাখ টকাৰ আতচবাজীফটিকা ফুটাই উৎসৱ পালনৰ কিবা প্রয়োজন আছেনে? এনে পৰম্পৰাই বিপদ আমালৈকে মাতিছে। আমাৰ অর্থনীতিৰ ওপৰতে বোজা বঢ়াইছে। সৰহসংখ্যক ধনেই ওলাই গৈছে বাহিৰলৈ আৰু ইয়াৰ পৰা কোনো ফলদায়ক কাম হােৱা নাই। কেৱল ধোঁৱা উৰিছে। উচ্চ প্ৰাবল্যৰ শব্দই কর্ণকুহৰ বিদীর্ণ কৰিছে। বিশ্বজুৰি পৰিৱেশ প্ৰদূষণ নিয়ন্ত্রণৰ ব্যাপক সজাগতা সৃষ্টি হৈছে। কিন্তু আমাৰ যেন লাগে। তাৰ উদাহৰণ আমাৰ আপোন। অথচ এতিয়া অতি ভয়াৱহ উৎসৱত পৰিণত হােৱা দীপাৱলী। কাৰণ দীপাৱলীত যিমানবোৰ ফটিকা কৰিবলগীয়া হয়। কেৱল আমিয়েই নহয়, প্রকৃতিৰ প্ৰতিটাে অংশৰ ওপৰতে পৰে। ইয়াৰ বিৰূপ প্ৰভাৱ। প্রকৃতিৰ প্ৰতি কৰি অহা আমাৰ অন্যায়ৰ ইও অন্যতম। এটা উদাহৰণ। এইবোৰৰ পৰা সকলোকে মুক্তি দি আমি শান্তিপূর্ণ আৰু আনন্দদায়ক উৎসৱ এটা পালন কৰিব নোৱাৰোঁনে ? কেৱল নিজৰ আনন্দৰ কাৰণে দহজনক কষ্ট দিয়াতকৈ সকলোৰে সৈতে সমানে আনন্দখিনি উপভোগ কৰাৰ চেষ্টা যদি আমি কৰোঁ, তেন্তে এই উৎসৱ অধিক আলোকময় হৈ পৰিব আৰু আমাৰ ভৱিষ্যতো।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment