#আজিৰ বাণীঃ ডঃ ছবি গগৈ
ফটকাপ্ৰেমীয়ে প্ৰমাণ কৰিছে যে আমাৰ মাজত কিমান সন্ত্ৰাসবাদী আছে । আত্মগোপন কৰি বোমা বন্দুক ফুটুৱাই হত্যালীলা পতা সকলক যদি সন্ত্ৰাসবাদী বোলা যায় , জনতাৰ ভিৰত থাকি উল্লাসত মৃত্যুৰ পৰিৱেশ ৰচনা কৰা সকল তাতকৈও বেছি গুৰুতৰ অপৰাধী । এইসকল overground সন্ত্ৰাসবাদী । চৰকাৰীভাৱে এই সকলক শাস্তি বিহিবলৈ বিধেয়ক উত্থাপন কৰি আইন কৰিব লাগে । কঠোৰভাৱে এই আইন বলবৎ কৰিব লাগে । আহ্বান নহয় । বহুত হ'ল আহ্বান, অনুনয় বিনয় ! কোনো লাভ নাই । সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰা ফটকাহীন দীপাৱলীৰ আহ্বানক ভেঙুচালি কৰি সন্ত্ৰাসবাদকেইতো সমৰ্থন কৰিলে ? এই সন্দৰ্ভত চীনৰ আইনী ব্যৱস্থা প্ৰশংসা কৰিবই লাগিব । জন্ম নিয়ন্ত্ৰণৰ বাবে আইন কৰি এটাকৈ সন্তান জন্মৰহে অনুমতি দিছে । লুকুৱাই কোনো দ্বিতীয় সন্তান ধাৰণ কৰিলেও গৰ্ভপাত কৰিবলৈ চৰকাৰী আইনৰদ্বাৰা বাধ্য কৰা হয় । মানৱীয় দৃষ্টিভংগীৰে কথাটো হজম কৰিব নোৱাৰিলেও বৰ্ধিত জনসংখ্যাৰ ভয়াবহতালৈ চাই এনে কঠোৰ আইনে বৈধতা লাভ কৰিছে । আমাৰ অজীনপাতকী সকলৰ বাবেও পৰিৱেশৰ সুৰক্ষাৰ স্বাৰ্থতে এনে কঠোৰ আইনৰ প্ৰাসংগিকতা আছে ।
ফটকা আৰু যি কোনো পৰিৱেশ বিনষ্ট কৰিব পৰা আতচবাজীৰ লগতে প্ৰদূষণ সৃষ্টি কৰিব পৰা সামগ্ৰী নিষিদ্ধ কৰিবলৈ কঠোৰ আইন এখন চৰকাৰে গ্ৰহণ কৰিব পাৰে । পৰিৱেশ প্ৰদূষণৰ ভয়াবহ ভৱিষ্যতটোক কি কোনো চৰকাৰ বা আইন প্ৰণয়নকাৰীৰ উপলব্ধি হোৱা নাই ? গৰুৱে গীত-মাত-সুৰ-সংগীত বুজি নাপায় বুলি "গৰুৰ আগত আগত টোকাৰী বজাই লাভ নাই" জাতীয় প্ৰবচন সৃষ্টি হৈছিল । মানুহেও কথা নুবুজে, বুজনি নুশুনে নামানে ! তেন্তে কঠোৰ আইনৰ সৌকাৰে এই মানুহ নামৰ পৃথিৱীৰ আটাইতকৈ উদণ্ড প্ৰাণীবোৰক বশ মনাব লাগিব । এনে এখন আইন লাগে যে বোমা বিস্ফোৰণ হ'লে প্ৰশাসন বা পুলিচ যি গতিৰে সেইখিনি পায়গৈ , ফটকা বা বিষাক্ত আতচবাজীৰ মাত শুনিলেও একেই তৎপৰতাৰে সেইখিনি পাবগৈ পাৰে । বিস্ফোৰণকাৰী আৰু ফটকা ফুটোৱা অপৰাধীক একেই শাস্তি দিব লাগে ! হয়তো তেতিয়া ক্ষান্ত হ'ব এই মৃত্যুৰ উন্মাদনাৰে উন্মত্ত উন্মাদৰ জাক !
এই সকলক কি বুলি ক'ব পাৰি ? শ্মশানত শৱ জ্বলাবলৈ নিয়োজিত জনক চণ্ডাল বুলি কয় । এই সকলেতো পৃথিৱী জ্বলাবলৈ সাজু থাকে । ফটকাৰ বাবে সুকীয়াকৈ লাখৰ ঘৰত টকা বেংকত ৰখা মানুহো লগ পাইছোঁ । তেন্তে এওঁলোক জীয়া মানুহৰ জীয়া পৃথিৱী জ্বলোৱা "মহাচণ্ডাল" ? "মহা" বিশেষণটো আজিকালি য'তে ত'তে ব্যৱহাৰ হয়তো !
ফাঁচিশালত ফাঁচিকাঠত উঠা কয়দীৰ শেষ ৰচী ডাল টানি ওলমাবলৈ নিয়োজিতজনক জল্লাদ বুলি কয় চাগৈ , এই মুহূৰ্তত পাহৰিছোঁ অলপ । এই ফটকা জ্বলোৱা সকলে বিনা দোষত নিৰপৰাধী পৃথিৱী আৰু মানুহৰ উশাহ আৰু পৰিৱেশক ফাঁচি দি আছে প্ৰতিবছৰে ! তেন্তে কি এইসকল "মহাজল্লাদ" ? কথাবোৰ শুনিবলৈ বেয়া পাব বহুতে । আমাক গালিও দিব । কিন্তু ভাল কথাবোৰনো কিয় নুশুনে ? কিয় নামানে ? পৰিৱেশ বিজ্ঞানী সকলে কৈ আহিছে বায়ু প্ৰদুষণৰ কথা । প্ৰকৃতিবিদ সকলে কৈ আহিছে প্ৰকৃতি আৰু প্ৰাণীকূলৰ সংকটৰ কথা । বিশ্ব পৰিৱেশ সুৰক্ষা সংস্থাবোৰে সকিয়াই আহিছে যে আমি কৰা ভুলৰ বাবেই পৃথিৱীৰ আয়ুস খুব খৰকৈ কমিব ধৰিছে । কিয় নুশুনে এইবোৰ কথা ? কিয় উপলব্ধি নকৰে ?
এইবাৰ এটা জাতীয় আৱেগ জড়িত আহ্বান আছিল । ভাবিছিলোঁ ! নহয়, বিশ্বাসেই কৰিছিলোঁ যে এই অজুহাততে অন্ততঃ এবছৰ ফটকা নুফুটিব । কিন্তু যোৱা নিশাটোৱে জাতীয় আৱেগ বোলা কথাষাৰকে লজ্জানত কৰিলে । ইয়াৰ পাছত আৰু এই উন্মাদ সকলৰ জাতীয় কথাত আৱেগ দেখুওৱাৰ তিলমাত্ৰও অধিকাৰ নাই । হয়তো তেওঁলোকৰ পৰিয়ালত কোনো লোক বিস্ফোৰণত মৰা নাই ! তেওঁলোকে বুজি পাবলৈ কি কোনোবা মৰিব লাগিব ? মৰক বুলি অভিশাপ দিব লাগিব ? ধিক !!! সহ্য নহয় ! ইমান মূৰ্খামি সহ্য নহয় !! ইমান অত্যাচাৰ সহ্য নহয় !!! চৰকাৰীভাৱে পৰিৱেশৰ ওপৰত সজাগতা সভাবোৰ ঘনাই আৰু চুকে কোণে বেছিকৈ হ'ব নোৱাৰে নেকি ? ক্ষমতা আৰু গাদী ৰক্ষা কৰি কি লাভ ? যদি পৃথিৱী খনেই নাবাছে । সকলোৱেই যদি কেৱল নিজৰ আশী বা এশ বছৰীয়া জীৱনটোকেই গুৰুত্ব দিয়ে তেন্তে বিয়া বাৰু পাতি ল'ৰা ছোৱালী জন্ম দিয়াৰ অধিকাৰ কাৰো নাই । ল'ৰা ছোৱালীলৈ ঘৰ মাটি হ'লে গোটায় , কিন্তু কোন খন পৃথিৱীত সিহঁতৰ মাটি সিহঁতৰ ঘৰ থাকিব আৰু সিহঁত বাসিন্দা হ'ব ? যি খন মাক দেউতাকে কৰা ভুলৰ বাবে বিষাক্ত আৰু আয়ুসহীন । যিখন বহু ৰোগেৰে বাসৰ অনুপযোগী হৈছে ? তেন্তে ?? কি অধিকাৰ আছে আমি আমাৰ ভৱিষ্যত বংশধৰৰ কথা ভবাৰ ?? কি অধিকাৰ আছে আমাৰ বংশলতা আগবঢ়োৱাৰ ???
য'ত পৃথিৱীৰ ইন্স্যুৰেন্স ( insurance ) নাই , তাত লাইফ্ ইন্স্যুৰেন্সৰ কি কাম ? বেমাৰৰ চিকিৎসা কৰাবলৈ নে মৰাৰ পাছত কাজ কৰ্ম কৰিবলৈ নে ল'ৰা ছোৱালীৰ পংগু জীৱনৰ জোৰা মাৰিবলৈ নে সিহঁতেও ফটকা ফুটুৱাই উন্মাদ জীৱনৰ স্বাদ ল'বলৈ ???
0 comments:
Post a Comment