জনজাতিকৰণক লৈ অশান্ত অসম ::১৮ অক্টোবৰত ২৪ ঘণ্টয়া অসম বন্ধ


ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পুনৰ অশান্ত হৈ পৰিব ৰাজ্য। গৃহ বিভাগৰ বিশেষ সচিব মহেশ কুমাৰ সিংলা নেতৃত্বাধীন সমিতিয়ে মডেলিটী দাখিলত ব্যর্থ হােৱাৰ পাছতে তেনে সম্ভাৱনা প্ৰকট হৈ পৰিছে। কালি মডেলিটী দাখিলৰ শেষ সময়সীমা উকলি যোৱাৰ পাছতে ক্ষুব্ধ হৈ পৰা জনগোষ্ঠীয় ঐক্যমঞ্চৰ এখন জৰুৰী কার্যনির্বাহক বৈঠক কালি গুৱাহাটীৰ সাধনী ভৱনত অনুষ্ঠিত হয়। সদৌ অসম মটক যুৱ-ছাত্র সন্মিলন, সদৌ টাই আহােম ছাত্র সস্থা, সদৌ মৰাণ ছাত্র সস্থা, সদৌ কোচ ৰাজবংশী ছাত্র সস্থা, চুতীয়া যুৱ-ছাত্র সন্মিলন আৰু অসম চাহ জনজাতি ছাত্র সস্থাৰ মাজত অনুষ্ঠিত বৈঠকত নৰেন্দ্ৰ মােদী নেতৃত্বাধীন কৰা হয়। জনজাতিকৰণৰ ক্ষেত্ৰত দুয়োখন চৰকাৰে দেখুওৱা আওকণীয়া মনােভাবৰ প্ৰতিবাদতে জনগােষ্ঠীয় ঐক্যমঞ্চই ঘোষণা কৰিছে এলানি প্রতিবাদী কাৰ্যসূচী। ঘোষিত কাৰ্যসূচী অনুসৰি জনজাতিকৰণৰ দাবীত আন্দােলনৰত ছয়টা জনগােষ্ঠীয় সংগঠনক লৈ গঠিত ঐক্যমঞ্চই অহা ১৯ অক্টোবৰত ৩৬ ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে। তাৰ পাছত অহা ৩১ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব এখন জনগোষ্ঠীয় অভিৱৰ্তন। এই অভিৱৰ্তনৰ পিছদিনাৰ পৰা অৰ্থাৎ অহা ১ নৱেম্বৰৰ পৰা পুনৰ ঐক্যমঞ্চই ৭২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে। ইয়াৰ পাছতে অহা ১০ নৱেম্বৰত নতুন দিল্লীৰ যন্তৰ মস্তৰত জনগোষ্ঠীয় ঐক্যমঞ্চই ধর্ণ কাৰ্যসূচী ৰূপায়ণ কৰিব। নতুন দিল্লীত অহা ১১ নৱেম্বৰত অনুষ্ঠিত হ’ব ছয় জনগােষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত এখন ৰাষ্ট্রীয় পর্যায়ৰ আলোচনা-চক্ৰ। সংসদৰ শীতকালীন অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক গৃহীত কৰাৰ দাবীত অহা ২৫ নৱেম্বৰত ঐক্যমঞ্চই পুনৰ নতুন দিল্লীত অর্ধ উলংগ হৈ প্রতিবাদ সাব্যস্ত কৰিব। কোচ ৰাজবংশীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে যিদৰে প্ৰতাৰণাৰ ৰাজনীতি চলাইছে, ইয়াৰ বিৰুদ্ধে আক্রাজুৱে জংগী আন্দােলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়াৰ লগতে অহা ১৮ অক্টোবৰত ২৪ ঘণ্টয়া অসম তথা কমতাপুৰ বন্ধৰ আহ্বান জনাইছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment