কাইলৈ ৰাজ্যজুৰি জোঁৰ শোভাযাত্রা:: হিন্দু বাংলাদেশীৰ বোজাৰ বিৰুদ্ধে সৰৱ আছু


aasu

সদৌ অসম ছাত্র সন্থাই কেন্দ্রীয় চৰকাৰে ১৯৭১ চনৰ পিছত অহা অবৈধ হিন্দু বাংলাদেশীৰ বােজা অসমত জাপি দি অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু প্ৰভুত্ব নিঃশেষ কৰিবলৈ কৰা ষড়যন্ত্ৰৰ প্ৰতিবাদত পৰৱৰ্তী আন্দােলনৰ কাৰ্যসূচী গ্রহণ কৰিছে। সেই অনুসৰি অহা ১৮ অক্টোবৰত অসমৰ প্ৰতিখন জিলা আৰু মহকুমাৰ সদৰত জোৰলৈ শোভাযাত্ৰা কৰা হ’ব। ইপিনে, এই কাৰ্যসূচীৰ পাছত ভৱিষ্যতৰ কৰ্মপন্থাৰ বিষয়ে আলোচনা কৰিবলৈ অহা ২২ অক্টোবৰত গুৱাহাটীত ৰাইজমেল অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰে হিন্দু বাংলাদেশী বিষয়ত প্রথমে জাৰি কৰা নির্দেশনাৰ বিৰােধিতা কৰিয়েই ছাত্র সন্থাই ৰাজ্যজুৰি আন্দােলন অব্যাহত ৰাখিছে। অসমৰ ২৮টা জনগোষ্ঠীয় সংগঠন, অসমৰ জাতীয় সংগঠন, জনজাতীয় সাহিত্য সভা, উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্র সংগঠনকে ধৰি অসমৰ বিভিন্ন অনুষ্ঠানৰ সৈতে ছাত্র সস্থাই এই বিষয়ত আলোচনা অব্যাহত ৰাখিছে। কেন্দ্রীয় চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ জলাঞ্জলি দি ১৯৭১ চনৰ পিছত অহা হিন্দু অবৈধ বাংলাদেশীৰ বােজা অসমত জাপি দিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ সন্থাই সংগ্রাম অব্যাহত ৰাখিব বুলি কালি চৰকাৰক কঠোৰভাৱে সকীয়াই দিছে। ছাত্র সস্থাৰ স্পষ্ট দাবী— অসম চুক্তিৰ আধাৰতহে অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধান হ’ব লাগিব। অসম চুক্তিৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ দিবই লাগিব। কোনো পৰিস্থিতিতে অসমৰ দৰে সৰু ৰাজ্য এখনে ১৯৭১ চনৰ পাছত অহা হিন্দু-মুছলমান কোনো অবৈধ বাংলাদেশীৰ বোজা ল’ব নােৱাৰে, নলয়।। কেন্দ্রীয় চৰকাৰে অসমৰ খিলঞ্জীয়াবিৰােধী ষড়যন্ত্র বন্ধ কৰক। অন্যথা নিজৰ মাতৃভূমিত নিজৰ প্ৰভুত্ব ৰাখিবলৈ ছাত্র সস্থা আৰু খিলঞ্জীয়া মানুহে সংগ্রাম অব্যাহত ৰাখিব


Share on Google Plus

About Unknown

0 comments:

Post a Comment