বিশিষ্ট অভিনেতা আব্দুল মজিদলৈ ‘অসম জাতীয় বিদ্যালয় সন্মান”::চিত্রশিল্পী নীলপৱন বৰুৱালৈ ‘ ফেল’শ্বিপ’




বিশিষ্ট পৰিচালক, অভিনেতা আব্দুল মজিদক ২০১৬ বর্ষ ৰ বাবে ‘অসম জাতীয় বিদ্যালয় সন্মান” প্রদান কৰা হৈছে।আনহাতে, ‘অসম জাতীয় ফেল'শ্বিপ বিদ্যালয় ফেল’শ্বিপ’ আগবঢ়োৱা হৈছে বিশিষ্ট চিত্রশিল্পী নীলপৱন বৰুৱালৈ। অহা ২৩ অক্টোবৰৰ সন্ধিয়া ৫ বজাৰ পৰা জাতীয় বিদ্যালয় চৌহদত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠানত দুয়োগৰাকী ব্যক্তিলৈ এই সন্মান আৰু ফেল’শ্বিপ আগবঢ়োৱা হ'ব। অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসে ২০১৪ বৰ্ষৰ পৰা অসমৰ শিক্ষা, সাংস্কৃতিক, ক্ৰীড়া, সামাজিক ক্ষেত্ৰত বিশেষভাৱে অৰিহণা আগবঢ়াই অহা ব্যক্তিসকলক ‘অসম জাতীয় বিদ্যালয়” সন্মান প্রদান কৰি আহিছে। ২০১৬ বৰ্ষৰ বাবে এই সন্মান বিশিষ্ট অভিনেতা, পৰিচালক আব্দুল মজিদক দিয়াৰ বাবে ন্যাসে সিদ্ধান্ত গ্রহণ কৰিছে। এই সন্মানৰ লগত থাকিব ২৫ হাজাৰ টকাৰ চেক, স্মাৰক, সম্বর্ধনা পত্ৰ আৰু প্রতি উপহাৰ। আনহাতে, অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু আর্থসামাজিক ন্যাসে চিত্রশিল্পী নীলপৱন বৰুৱাক এইবাৰ অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। এই ফেল’শ্বিপৰ জৰিয়তে নীলপৱন বৰুৱাক অহা দুবছৰৰ বাবে প্রতিমাহে ৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ'ব। লগতে থাকিব বিদ্যালয়খনৰ স্মাৰক, সম্বর্ধনা পত্ৰ আৰু প্রীতি উপহাৰ। উল্লেখ্য যে ১৯৩১ চনত যোৰহাটত জন্মগ্রহণ কৰা আব্দুল মজিদে ১৯৫৭ চনত 'ৰঙা পুলিচ’ চলচ্চিত্ৰৰ জৰিয়তে চলচ্চিত্র অভিনেতাৰূপে আত্মপ্রকাশ কৰাৰ পাছত কেইবাখনো জনপ্রিয় ছবি পৰিচালনা কৰে। এই ছবিসমূহ হ’ল— মৰম তৃষ্ণা, চামেলি মেমচাব, বনহংস, বনজুই, পোনাকণ, উত্তৰ কাল আৰু সাত নম্বৰৰ সন্ধানত। ইফালে, বিশিষ্ট চিত্রশিল্পী নীলপৱন বৰুৱাৰ জন্ম হৈছিল ১৯৩৬ চনত যোৰহাটত। ১৯৭৬ চনত তেওঁ কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ লগত বিবাহপাশত আবদ্ধ হয়। লক্ষীে, ভুবনেশ্বৰ, কলকাতা আদি দেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত চিত্র প্রদর্শনীত অংশগ্রহণ কৰা শিল্পীগৰাকীয়ে ২০০০ চনতে তেওঁৰ ২০০০খন ড্রয়িং আৰু ২০০০খন পেইণ্টিং সম্পূর্ণ কৰিছে। সংবাদ মেলত ন্যাসৰ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীও উপস্থিত থাকে।


Share on Google Plus

About Unknown

0 comments:

Post a Comment