“ভাৰত আক্ৰমণৰ পথ খুলি দিয়ক, আমি কাশ্মীৰ দখল কৰিম।”:: কুখ্যাত সন্ত্রাসবাদী মাছুদ আজহাৰৰ আহ্বান


কুখ্যাত সন্ত্রাসবাদী সংগঠন জইছাইমহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজহাৰে পাকিস্তানৰ নীতি নির্ধাৰণকাৰীসকলক আহ্বান জনাইছে এনেদৰে---- সাহসী হওক ,ভাৰতক আক্ৰমণৰ বাবে সকলো পথ মুকলি কৰি দিয়ক। আমি কাশ্মীৰ দখল কৰি ল’ম৷ | বৃহস্পতিবাৰে জইছ-ই-মহম্মদৰ “আল কালাম’ নামৰ সাপ্তাহিক আলোচনীত মাছুদ আজহাৰে এক নিবন্ধত নৱাজ শ্বৰীফ চৰকাৰ আৰু সেনা কর্তৃপক্ষক উদ্দেশ্যি কয়— “যদি পাকিস্তান চৰকাৰে সামান্য সাহসে দেখুৱায়, তেতিয়াহ’লে ঠিক এই সময়তে জল বণ্টন বিবাদ আৰু কাশ্মীৰ সমস্যাৰ চিৰদিনৰ বাবে সমাধান হ’ব।’ লক্ষণীয় যে পাঠানকোটত ভাৰতীয় বায়ু সেনাৰ ঘাটি, জম্মু-কাশ্মীৰৰ উৰি আদিকে ধৰি ভাৰতৰ কেইবাটাও গুৰুত্বপূর্ণ এলেকাত ভয়ংকৰ আক্রমণ চলাই সাম্প্রতিক কালত জইছাই-মহম্মদে কেৱল আন্তর্জাতিক পর্যােয়ত সংবাদ মাধ্যমৰ শিৰােনাম দখল কৰাই নহয়, পাকিস্তানী সেনা বাহিনীৰো আটাইতকৈ শক্তিশালী আৰু নিৰ্ভৰশীল অস্ত্ৰত পৰিণত হৈছে। মাছুদ আজহাৰে পাকিস্তানী সেনা আৰু শাসকবৰ্গৰ ওপৰত তীব্র হেঁচা দি কয়— ‘এতিয়া আৰু লুকঢাকৰ কোনাে প্রয়ােজন নাই। চৰকাৰে সামান্য সাহস দেখুৱাওক আৰু ভাৰতক আক্ৰমণৰ বাবে আটাইবােৰ পথ খুলি দিয়ক, আমি কাশ্মীৰ দখল কৰি ল‘ম। যদি আল্লাই বিচাৰে তেনেহ’লে ১৯৭১ চনৰ তিক্ত স্মৃতি বিলীন হৈ ২০১৬ চনত বিজয়ৰ আৱেগত পৰিণত হ’ব।” মাছুদ আজহাৰৰ মতে ১৯৯০ ৰ দশকৰ পৰা পাকিস্তান চৰকাৰে অনুসৰণ কৰি অহা জেহাদৰ নীতিয়ে সুফল দিছে। এই কুখ্যাত সন্ত্রাসবাদীজনৰ মতে পাকিস্তানে জেহাদৰ নীতি অনুসৰণ কৰি অহাৰ ফলত ভাৰত এতিয়া যথেষ্ট দুর্বল হৈ পৰিছে। ভাৰত এটা সাপৰ পৰা কেঁচুত পৰিণত হৈছে। আলোচনীখনৰ প্রথম পৃষ্ঠাতে প্রকাশিত নিবন্ধটােত আজহাৰে কয়— ‘জেহাদৰ আগৰ আৰু পিচৰ ভাৰতৰ অৱস্থা তুলনা কৰি চাওক, ভাৰত এতিয়া জেহাদী আক্ৰমণত বিপর্যস্ত। ভাৰতৰ প্ৰতিটাে অংগই এতিয়া অত্যন্ত বেয়াকৈ ক্ষত-বিক্ষত। ইতিহাসৰ চকা এতিয়া আগুৱাই গৈ আছে।”
Share on Google Plus

About Unknown

0 comments:

Post a Comment