বেংকৰ ঋণ পৰিশোধ নকৰা কর্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ::উপায়ুক্তলৈ নির্দেশ




অসম সমবায় এপেক্স বেংকৰ পৰা ৰাজ্য চৰকাৰৰ একাংশ কর্মচাৰীয়ে বিগত সময়ছোৱাত ঋণ লয় যদিও সেয়া পৰিশোধ নকৰাৰ ফলত বেংক কর্তৃপক্ষ সাংঘাতিক সমস্যাৰ সন্মুখীন হৈছে।এতিয়ালৈ এপেক্স বেংক কর্তৃপক্ষই ৰাজ্যিক কৰ্মচাৰীৰ পৰা ১২,৬৩ কোটি টকাৰ ঋণ আৰু ৮.৩০ কোটি টকাৰ সুদ আদায় পাবলৈ বাকী আছে। শেহতীয়াকৈ বেংক কর্তৃপক্ষই বিষয়টাে ৰাজ্য চৰকাৰৰ দৃষ্টিগােচৰ কৰাত বিত্ত বিভাগে ঋণ পৰিশোধ নকৰা কৰ্মচাৰীৰ দৰমহা-পেন্সন বন্ধ কৰাৰ দৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে। এই সন্দৰ্ভত বিত্ত বিভাগে উপায়ুক্তসকললৈ দিয়া নির্দেশত বিত্ত বিভাগে ঋণৰ বিপৰীতে কর্মচাৰী এগৰাকীয়ে বেংকক দিবলগীয়া ই এম আই কর্তন নকৰাকৈ অক্টোবৰ মাহৰ পৰা দৰমহা, পেন্সনৰ বিল পাছ নকৰিবলৈ স্পষ্ট কৰি দিছে। নির্দেশটোত উল্লেখ কৰা অনুসৰি বেংকৰ ঋণ পৰিশোধৰ বাবে সংশ্লিষ্ট ডি ডি অ'ই ধার্য কৰিৰ দিয়া ই এম আই দৰমহাৰ বিলৰ পৰা কৰ্তন নকৰা কোনো বিল অক্টোবৰ মাহৰ পৰা পাছ কৰিব নােৱাৰিব। তদুপৰি পূৰ্বৰ বকেয়া ই এম আই অচিৰেই পৰিশোধৰ ব্যৱস্থা নকৰিলে সংশ্লিষ্ট কর্মচাৰীয়ে অৱসৰৰ পাছত পাবলগীয়া পেন্সনকে ধৰি অন্যান্য সা-সুবিধা আদায় নিদিবলৈও নির্দেশটোত কোৱা হৈছে। ঋণৰ বাবদ বেংকে পাবলগীয়া ই এম আই কর্তনৰ পাছতহে সংশ্লিষ্ট কর্মচাৰীক অক্টোবৰৰ পৰা দৰমহা আদায় দিবলৈ কোৱা হৈছে। এইক্ষেত্ৰত কোনো ডি ডি অ'ই গাফিলতি কৰিলে সংশ্লিষ্ট ডি ডি অ’ৰে দৰমহা বন্ধ ৰাখিবলৈ নির্দেশটােত উল্লেখ কৰা হৈছে। তদুপৰি ই এম আই পৰিশোধ কৰিবলগীয়া কর্মচাৰীৰ তালিকা সংশ্লিষ্ট কোষাগাৰৰ ন’টিচ ব’ৰ্ডত আঁৰি দিবলৈও কোৱা হৈছে। একেদৰে বেংকৰ ঋণ পৰিশোধ কৰিবলগীয়া অৱসৰপ্ৰাপ্ত কর্মচাৰীৰ ক্ষেত্ৰতো বিত্ত বিভাগে পেন্সনৰ বিল পাছ নকৰিবলৈ নির্দেশ দিছে। এই ক্ষেত্ৰত উপাযুক্তসকলক পেন্সনাৰগৰাকীয়ে মাহে লাভ কৰা মুঠ পেন্সনৰ পৰা এটা অংশ ঋণ আদায়ৰ বাবে কর্তনৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিছে। অৱশ্যে পেন্সনাৰ এজনে লাভ কৰা মুঠ পেন্সনৰ ৫০ শতাংশৰ অধিক কর্তন নকৰিবলৈও নির্দেশটোত স্পষ্ট কৰি দিয়া হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment