পংকজ পাঠক এজন অৰ্হতাহীন ভুৱা আয়ুর্বেদিক চিকিৎসক::অসম আয়ুর্বেদিক চিকিৎসক সেৱা সন্থা



অসম আয়ুর্বেদিক চিকিৎসক সেৱা সন্থাই অসমৰ ৰাইজক অৰ্হতাসম্পন্ন আৰু বৈধ আয়ুর্বেদিক চিকিৎসকৰ চিকিৎসা বিধান গ্ৰহণৰ বাবে আহ্বান জনাইছে । বৃহস্পতিবাৰে এটা বিবৃতিযোগে সন্থাৰ সাধাৰণ সম্পাদক ডাঃ গৌতম কুমাৰ শৰ্মাই কয়—কিছু দিনৰ পৰা পংকজ পাঠক নামৰ এজন ব্যক্তিয়ে নিজকে আয়ুর্বেদিক চিকিৎসক হিচাপে প্রক্ষেপ কৰি অসমৰ দুটা টিভি চেনেল আৰু বিভিন্ন সভাসমিতিৰ জৰিয়তে বহু জটিল ৰোগৰ চিকিৎসা বিধান প্রদান কৰাটো আমাৰ দৃষ্টিগোচৰ হৈছে। ইণ্ডিয়ান মেডিচিন এণ্ড চেণ্টেল কাউন্সিল এক্ট, ১৯৭০ৰ অধীনত স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা অহঁতাসম্পন্ন ব্যক্তিয়ে আছাম ষ্টেট কাউন্সিল অৱ ইণ্ডিয়ান মেডিচিনৰ পঞ্জীয়নৰ প্ৰমাণ-পত্ৰ লাভ কৰিলে। অসমত আয়ুর্বেদিক চিকিৎসক হিচাপে চিকিৎসা প্রদান কৰিব পাৰে। কিন্তু পংকজ পাঠকৰ নাম উপৰােল্লিখিত কাউন্সিলৰ অধীনত পঞ্জীয়নকৃত আয়ুর্বেদিক চিকিৎসকৰ তালিকাত নাই। ইয়াৰ দ্বাৰা প্রমাণ হয় যে পংকজ পাঠক এজন অৰ্হতা নোহােৱা স্বয়ম্ভ তথা ভুৱা আয়র্বেদিক চিকিৎসক। পংকজ পাঠকে প্রদান কৰা চিকিৎসা বিধানৰ বহু কথা অতি হাস্যকৰ, অবাস্তৱ, অবৈজ্ঞানিক আৰু যাদুকৰী। এই বিধানসমূহ ড্রাগ এণ্ড মেজিক ৰিমেডিছ এক্ট ১৯৫৪ৰ পৰিপন্থী আৰু অপৰাধজনিত বুলি আমি অনুভৱ কৰোঁ। এনেধৰণৰ চিকিৎসা বিধানে ৰােগাক্রান্ত দুৰ্ভগীয়া লোকক বিভ্রান্ত কৰি পৰৱতী সময়ত অধিক বিপর্যয়ৰ ফালে ঠেলি দিয়াৰ লগতে শোষণৰ বলি কৰিব পাৰে।”
Share on Google Plus

About Unknown

0 comments:

Post a Comment