সলনি হব ম’বাইলৰ ফোন নম্বৰত সংখ্যা:: ১০টাৰ সলনি হব ১১টা সংখ্যা


অতি সোনকালে আপোনাৰ ম’বাইলৰ ফোন নম্বৰত ১০টা সংখ্যাৰ সলনি ১১টা সংখ্যা হ’ব পাৰে। কাৰণ দিনে দিনে বাঢ়ি অহা ম’বাইল ফোনৰ গ্ৰাহক লৈ চাই সংকটত পৰিব পাৰে দেশৰ নম্বৰ ছিৰিজ। এক সূত্রই প্রকাশ কৰা মতে, ১০টা সংখ্যাৰ নম্বৰ ছিৰিজ দিনে দিনে শেষ হৈ আহিছে। আৰু অতি সোনকালে এই ছিৰিজৰ অন্ত পৰিব। প্রতিবেদনৰ মতে ডিঅ’টি দূৰসঞ্চাৰ বিভাগে ইতিমধ্যে নতুন ছিৰিজৰ কাম কৰাৰ বাবে চিন্তা-চর্চা কৰি আছে। উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ মতে বর্তমান দেশৰ ১.২৫ কোটি নাগৰিকৰ ভিতৰত ম’বাইল ফোন ব্যৱহাৰকাৰী আছে ৯৮ কোটি আৰু ৩০ কোটি হ’ল ইণ্টাৰনেট ব্যৱহাৰকাৰী। চলিত বৰ্ষৰ শেষলৈ ম’বাইল ফোন উপভোক্তাৰ সংখ্যা ১০০ কোটি পাৰ হােৱাৰ সম্ভাৱনা আছে আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৫০ কোটিলৈ বৃদ্ধি পাব।





Share on Google Plus

About Unknown

0 comments:

Post a Comment