আজি মুক্তি লাভ কৰিলে জুবিনৰ ‘গানে কি আনে’



অসমৰ সৰ্বত্ৰ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে এখন অসমীয়া ছবি। সেই ছবিখন হ’ল আজি ১৪ অক্টোবৰত মুক্তি হোৱা জুবিনৰ ‘গানে কি আনে’। বৈদ্যুতিন মাধ্যম, ছপা মাধ্যম, ছ’চিয়েল মিডিয়া সকলোতে ছবিখনৰ চৰ্চা তুংগত উঠিছে। ছবিখনৰ শেহতীয়াকৈ মুক্তি পোৱা ‘জানো জানো” গীতটি কেইদিনমানৰ ভিতৰতে ব্লকবাষ্টাৰৰূপে পৰিগণিত হ’ব। ছবিখনৰ আন এটা ট্রেইলৰেও দর্শকক আকর্ষণ কৰিছে। ‘গানে কি আনে’ৰ গীত, ট্রেইলৰ আৰু প্ৰচাৰ যথেষ্ট মনােগ্রাহী হৈছে। ছবিখনৰ নায়িকা মুম্বাইত প্রতিষ্ঠিত অসম জীয়ৰী পৰিণীতা বৰঠাকুৰ আৰু পৰিচালক ৰাজেশ য়শপাল ইতিমধ্যে ছবিখনৰ প্ৰচাৰৰ বাবে অসমত উপস্থিত হৈছে। ইয়াৰ উপৰি জুবিন গার্গ ফেন ক্লাববোৰেও ছবিখনৰ প্ৰচাৰ কৰা দেখা গৈছে। ছবিখনত অভিনয় কৰিছে জুবিন গার্গ, পৰিণীতা বৰঠাকুৰ, ৰিম্পী দাস, নিপন গোস্বামী, হিৰণ্য ডেকা, ৰীণা বৰা, হিমাগ্নি গগৈ, ৰাজেশ য়শপাল আদিয়ে। প্রযোজনা ৰাগাৰ। ৰাগী ফিল্মছৰ বেনাৰত - মুম্বাইৰ সংগীত বাণীবন্ধনৰ ক্ষেত্ৰত প্রতিষ্ঠিত অসম সস্তান গীেতম চক্রৱর্ত, ডিব্ৰুগড়ৰ সুনীল গগৈ, ৰাজেশ য়শপালৰ। কাহিনী আৰু চিত্রনাটাও ৰচনা কৰিছে ৰাজেশ য়শপালে। তেওঁক সহায় কৰিছে ইবচন লাল বৰুৱাই। সংগীত পৰিচালনা জুবিন গাৰ্গৰ।[ভূষণ পাঠক]
Share on Google Plus

About Unknown

0 comments:

Post a Comment