ছাৰ্জিকেল ষ্ট্রাইক::বাক যুদ্ধ প্ৰতিৰক্ষামন্ত্রী বনাম কংগ্ৰেছ মুখপত্র




পাকিস্তানী সন্ত্রাসবাদীৰ বিৰুদ্ধে ছাৰ্জিকেল ষ্ট্রাইকৰ সম্পূর্ণ কৃতিত্ব ভাৰতীয় সেনা আৰু দেশৰ জনতাৰ। অৱশ্যে ইয়াৰ পিছত যিহেতু এটা ৰাজনৈতিক সিদ্ধান্ত জড়িত হৈ আছে, সেইবাবে ইয়াৰ সিংহভাগ কৃতিত্ব প্রধানমন্ত্রীৰ। ইয়াৰ পূর্বে কেতিয়াও ভাৰতীয় সেনাই ছাৰ্জিকেল ষ্ট্ৰাইক কৰা নাছিল। হয়তাে স্থানীয় কমাণ্ডাৰ স্তৰত ব’ৰ্ডাৰ একচন টীমৰ দ্বাৰা কিছুমান আক্রমণ কৰা হৈছিল। যিবোৰ সচৰাচৰ হৈ থাকে।
মনোহৰ পাৰিকৰ, কেন্দ্রীয় প্ৰতিৰক্ষামন্ত্রী



২০১১ চনত ভাৰতীয় সেনাই দেশৰ শত্ৰুৰ বিৰুদ্ধে চলোৱা আক্রমণ ছাৰ্জিকেল ষ্ট্রাইকেই আছিল। ইয়াৰ পূর্বে ছাৰ্জিকেল ষ্ট্ৰাইক হােৱা নাছিল বুলি কৈ দেশৰ প্ৰতিৰক্ষামন্ত্রীয়ে সেনাৰ কৃতিত্ব হ্রাস কৰিবলৈ চেষ্টা কৰিছে। দেশৰ নিৰাপত্তাকলৈও তেওঁলোকে লাভ-লোকচানৰ অংক কৰিছে। আনকি সেনাৰ বীৰত্বক ঢাকি ৰাখি নিজৰ চৰকাৰৰ
সাফল্যৰ ঢোল পিটিবলৈ আৰম্ভ কৰিছে। —ৰণদীপ সিং সুৰজেৱালা, কংগ্ৰেছ মুখপত্র


Share on Google Plus

About Unknown

0 comments:

Post a Comment