কর্ম দক্ষতা ::এদিনো ছুটী লোৱা নাই ৩২ মাহত প্রধানমন্ত্রী মোদীয়ে



প্রয়োজনীয় সকলো সাসুবিধাযুক্ত বাসগৃহ, বিলাসী গাড়ী, জোৱানৰ দ্বাৰা পৰিৱেষ্টিত সুৰক্ষা বেষ্টনীকে ধৰি সকলো আছে, নাই কেৱল ছুটী. জিৰণি। হয়, দেশৰ মুৰব্বী, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কথাই কোৱা হৈছে। প্রধানমন্ত্রী হিচাপে দ্বায়িত্বভাৰ গ্ৰহণৰ ৩২টা মাহ উকলি গ’ল। এই সময়ছোৱাত মোদীয়ে দেশৰ হকে দায়িত্বভাৰ চম্ভালি গৈছে। যদিও এটা দিনৰ বাবেও ছুটী লোৱা নাই,এই তথ্য প্রকাশ কৰিছে প্রধানমন্ত্রী কার্যালয়ে। আনকি প্রধানমন্ত্রীৰ পূর্বসূৰী হিচাপে কোনোৱে এনে দীঘলীয়া সময় ধৰি কৰ্তব্য পালন কৰাৰ বিপৰীতে ছুটী নােলোৱাৰ তথ্যও প্রধানমন্ত্রীৰ কাৰ্যালয়ত নাই। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা এক আবেদনৰ উত্তৰত এই কথা প্রকাশ কৰিছে প্রধানমন্ত্রী কার্যালয়ে। সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে, পূৰ্বৰ কোনো প্রধানমন্ত্রীয়ে ছুটী নােলোৱাৰ তথ্য কার্যালয়ত নাই। কিন্তু দায়িত্বভাৰ গ্রহণ কৰাৰে পৰা প্রধানমন্ত্রী মোদীয়ে এটা দিনো দুটা লোৱা নাই বুলি সদৰী কৰে কাৰ্যালয়ে।



Share on Google Plus

About Unknown

0 comments:

Post a Comment