ভাৰত আৰু চীনে প্রথমবাৰৰ বাবে প্রবল কূটনৈতিক যুদ্ধৰ মাজতে জম্বু কাশ্মীৰত যৌথ আখৰা সম্পন্ন কৰে। কালি পূব লাডাখত ভাৰত তথা চীনৰ সীমান্ত অর্থাৎ এল অ' চি সংলগ্ন এখন গাঁৱত চলে এই যৌথ আখৰা বা মাকড়িল। উক্ত পার্বত্য এলেকাত প্রাকৃতিক দুর্যোগ হ'লে কি ধৰণে উদ্ধাৰ কার্য চলোৱা হ'ব আৰু কেনেকৈ সাহায্য সামগ্ৰী পোৱাৰ ব্যৱস্থা কৰা হ’ব তাৰেই অনুশীলন চলাইছিল দুই দেশৰ সেনাই। উল্লেখ্য যে ফেব্ৰুৱাৰীৰ ৬ তাৰিখেই এই অনুশীলনৰ প্ৰথম পর্ব অনুষ্ঠিত হৈছিল। অৱশ্যে সেয়া ভাৰতীয় এলেকাৰ সলনি এল অ' চিৰ সিপাৰে থকা এখন গাঁৱত কৰা হৈছিল। দ্বিতীয় পর্বত ভাৰতৰ সীমান্তৱৰ্তী গাঁওখনত দুই দেশৰ সেনা বাহিনীয়ে এইদৰে দুর্যোগ মোকাবিলা কৰাৰ আখৰা চলায়। সীমান্ত সংলগ্ন জম্মু-কাশ্মীৰৰ যিখন গাঁৱত ভাৰত-চীনে যৌথ আখৰা চলালে তাত কৃত্রিমভাৱে ভূমিকম্পৰ পৰৱৰ্তী পৰিস্থিতি তৈয়াৰ কৰা হৈছিল। দুই দেশৰ মূল ভূখণ্ডৰ পৰা কিছু বিচ্ছিন্ন হৈ থকা উক্ত পার্বত্য এলেকা দুর্যোগৰ কবলত পৰিলে ভাৰত আৰু চীনৰ সেনাই কিদৰে হাতত হাত মিলাই পৰিস্থিতিৰ মোকাবিলা কৰিব তাৰেই অনুশীলন চলোৱা হয় বুলি সেনাৰ সূত্ৰত প্রকাশ।উল্লেখ্য যে ভাৰত-পাকিস্তানৰ উত্তেজনাক কেন্দ্ৰ কৰি ভাৰত-চীনৰ সম্পর্কও তীব্র হেঁচাৰ কৱলত পৰিছে। বিভিন্ন আন্তর্জাতিক মঞ্চত ভাৰতৰ দাবী নস্যাৎ কৰাৰ বাবে চীনৰ তৎপৰতাও পৰিলক্ষিত হৈ আহিছে। দুই দেশৰ মাজত কূটনৈতিক বাকযুদ্ধও ব্যাপক হৈছে। তাৰ মাজতো জম্মু-কাশ্মীৰৰ দৰে ৰাজ্যত যৌথ সামৰিক আখৰা বাতিল নকৰাটাে এক ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে।ইয়াৰ যোগেদি ভাৰত-চীনৰ সেনা বাহিনীৰ মাজত বুজাবুজিৰ পৰিৱেশ ৰচনা হ’ব বুলিও সূত্ৰটােৱে দাবী কৰে।
;;
0 comments:
Post a Comment