দেশজুৰি বেংকৰ ৩২ লাখ এটিএম কাৰ্ডৰ সুৰক্ষা বিঘ্নিত::গ্ৰাহকৰ মাজত হাহাকাৰ



ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দেশৰ কেইবাটাও বেংকৰ ৩২ লাখ ডেবিট কার্ড ব্লক কৰা হৈছে বুলি কালি  বাতৰি প্ৰচাৰ হােৱাৰ লগে লগে বেংক কর্তৃপক্ষৰ সমান্তৰালকৈ গ্ৰাহকৰ মাজতো হাহাকাৰ লাগে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি এছ বি আইকে ধৰি কেইবাটাও বেংকৰ ডেবিট কার্ডৰ দাতা বিঘ্নিত হােৱাৰ ভিতৰত ২৬ লাখ ভিছা-মাষ্টাৰ কাৰ্ড আৰু বাকী ৬ লাখ ৰূপে’ৰ বিঘ্নিত হৈছে। হেকাৰ কিম্বা ভাইৰাছত আক্রান্ত হৈ গ্ৰাহকৰ ডেবিট কার্ডৰ দাতালৈ বিপদ নামি অহাৰ ক্ষেত্ৰত সবাতোকৈ বেছি ক্ষতি হােৱা বেংকৰ ভিতৰত এছ বি আই, এইচ ডি এফ চি বেংক, আই চি আই চি আই বেংক, য়েছ। বেংক আৰু এক্সিছ বেংক অন্যতম। দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ডেবিট কার্ড ব্লক হােৱাৰ বাতৰি বেংকৰ গ্ৰাহকসকলৰ মাজত প্ৰচাৰিত হােৱাৰ লগে লগে হাহাকাৰ লাগে। এই লৈ একাংশ গ্রহকে বেংক কর্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ পাছত কর্তৃপক্ষই ঘটনা সন্দৰ্ভত বিতং বর্ণনা কৰি ডেবিট কার্ডৰ সুৰক্ষা বিঘ্নিত হােৱা নাই বুলি আশ্বাস দিয়ে। উল্লেখ্য যে ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি সম্প্রতি দেশত ৬৯.৭২ কোটি ডেবিট কার্ড ব্যৱহাৰ হৈ আছে। দেশৰ বৃহত্তম বেংক এছ বি আইৰ ২০ কোটি আৰু এই বেংকৰ লগত সংপৃক্ত বেংকবােৰৰ ৪.৭৫ কোটি ডেবিট কার্ডৰ ভিতৰত এছ বি আইৰ ৬ লাখতকৈ অধিক ডেবিট কার্ড ব্লক কৰাৰ ফলত গ্ৰাহকৰ কাৰ্ডৰ দাতাৰ সুৰক্ষা বিঘ্নিত হৈছে। এই সন্দৰ্ভত এছ বি আই কর্তৃপক্ষই গ্ৰাহকৰ ৬,২৫,০০০ ডেবিট কার্ডৰ সুৰক্ষা বিঘ্নিত হােৱাৰ তথ্য লাভ কৰাৰ পাছতেই উক্ত গ্ৰাহকসকলৰ ডেবিট কার্ডৰ দাতাৰ সুৰক্ষাৰ বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ নতুন কার্ড প্রদান কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে। এছ বি আইৰ পৰিচালন সঞ্চালক ৰাজনীশ কুমাৰে সংবাদ মাধ্যমত অৱগত কৰি কয় যে দাতা ফাদিল হােৱাৰ সম্ভাৱনাক লৈ সন্দেহ আছে। তেওঁলোকে এই খবৰ ভিছা, মাষ্টাৰ কাৰ্ড আৰু ৰূপে’ৰ পৰা লাভ কৰিছে। প্রাক সাৱধানতা হিচাপে বেংকে সেই কার্ডবোৰ সলনি কৰি দিয়াৰ সিদ্ধান্ত লৈছে, যিবোৰ কার্ড ব্লক কৰা হৈছে। তদুপৰি পৰিচালন সঞ্চালকগৰাকীয়ে কয় যে যদি গ্রাহকৰ কাৰ্ড নম্বৰ আৰু পাছৱার্ড হেকাৰে গ্রহণ কৰিবলৈ সক্ষম হৈছে, তেতিয়াহ’লে সেই হেকাৰে ই-কমার্চ লেনদেন আৰু পুঁজি সলনি কৰিব পাৰে। তাক লৈ উদ্বিগ্নতা প্রকাশ কৰি শীঘ্ৰে এছ বি আইৰ গ্ৰাহকলৈ নতুন কার্ড প্ৰেৰণ কৰিব বুলি মন্তব্য কৰে পৰিচালন সঞ্চালকগৰাকীয়ে। লক্ষণীয় যে এছ বি আইৰ ডেবিট কার্ডৰ দাতা সন্দেহজনকভাৱে বিঘ্নিত হােৱা সন্দৰ্ভত পৰিচালন সঞ্চালকগৰাকীয়ে তেওঁলোকৰ বেংকৰ পৰা নহয়, আন বেংকৰ এ টি এম নেটৱৰ্কৰ পৰা তেনে হ’ব পাৰে বুলি প্রকাশ কৰি লেনদেন নিৰীক্ষণ প্রক্রিয়াত সাৱধানত অৱলম্বন কৰাৰ লগতে উক্ত স্থানত নিৰাপত্তা সুনিশ্চিত কৰিছে বুলিও কয়। 
Share on Google Plus

About Unknown

0 comments:

Post a Comment