নাগৰিকত্ব আইন সংশোধনীক লৈ প্রদেশ কংগ্ৰেছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ নেতৃত্বত কমিটী গঠন কৰিলেও বিষয়টােক কেন্দ্ৰ কৰি প্ৰধান বিৰোধী দলটােৰ ভিতৰচ'ৰাত উদ্ভৱ হােৱা সংঘাত ক্রমশঃ স্পষ্ট হৈ পৰিছে। আনকি দলীয় নেতাৰ তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হৈছে প্রাক্তন মুখ্যমন্ত্রী গগৈ। প্রদেশ কংগ্ৰেছৰ আন এজন মুখপাত্ৰ তথা সদৌ অসম বাঙালী যুৱ-ছাত্র ফেডাৰেচনৰ প্ৰাক্তন সভাপতি সুকুমাৰ বিশ্বাসে বিষয়টাে সন্দৰ্ভত প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে ইতিপূর্ব আগবঢ়োৱা বক্তব্যক আক্ৰোশমূলক বুলি অভিহিত কৰে। কালি প্ৰেৰণ কৰা এক বিবৃতিত বিশ্বাসে স্পষ্টভাৱে কয়— ‘প্রকৃত ভাৰতীয় হােৱা সত্ত্বেও দীর্ঘদিন ধৰি অসমত বিদেশীৰ নামত হিন্দু বাঙালীসকলে চৰম নির্যাতন ভোগ কৰি আছে। সেইটাে উপলব্ধি কৰিয়েই প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে ২০১২ চনৰ ২০ এপ্রিলত ভাৰতৰ তদানীন্তন প্রধানমন্ত্রী ড° মনমোহন সিঙক ৰাজভৱনত সাক্ষাৎ কৰি বাঙালী হিন্দুসকলে বিদেশীৰ নামত ভোগ কৰি অহা নির্যাতন বন্ধৰ উপায় হিচাপে হিন্দু শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদানৰ দাবীসম্বলিত কেবিনেট স্মাৰকপত্র প্রদান কৰিছিল। ২০১৪ চনৰ ১৬ জুলাইত একেটা বিষয় লৈ কেবিনেট সিদ্ধান্ত গ্রহণ কৰি গৃহ মন্ত্র্যালয়লৈ তাৰ প্রতিলিপি প্ৰেৰণ কৰিছিল। মাথো এয়াই নহয়, যোৱা বিধানসভা নির্বাচনৰ সময়ত কৰিমগঞ্জৰ মোল্লা বজাৰসহ বিভিন্ন সভা-সমিতিত হিন্দু শৰণাৰ্থীসকলক আশ্রয় প্ৰদানৰ প্ৰতিশ্রুতি দিছিল একেজন প্রাক্তন মুখ্যমন্ত্রীয়ে।” সেই ব্যক্তিয়ে আজি কোনটাে যুক্তিত ওলোটা খৰ মাৰিলে বুলি বিশ্বাসে প্রশ্ন উত্থাপন কৰে। বিজেপিৰ গঠনমূলক পদক্ষেপৰ বিৰােধিতা কৰিবলৈ গৈ গগৈয়ে নিজেই নিজৰ বিপক্ষে মন্তব্য কৰিবলৈ তিলমানো কুষ্ঠাবোধ নকৰাটাে আশ্চর্যকৰ বুলি উল্লেখ কৰি এনে মন্তব্য ব্যক্তিগত নে দলীয়, এই সন্দর্ভতে অসম প্রদেশ কগ্ৰেছৰ সভাপতিৰ পৰা স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় বিশ্বাসে। গগৈৰ 'টুলুঙা মন্তব্য বন্ধ নকৰিলে দলটােৱে যে পৰৱৰ্তী সময়ত কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব, সেয়া নিশ্চিত।
Home / নাগৰিকত্ব আইন
/ নাগৰিকত্ব আইনৰ সংশোধনীক লৈ কংগ্ৰেছত বিভাজন::তৰুণ গগৈক তীক্ষ্ণ সমালোচনা সুকুমাৰ বিশ্বাসৰ
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment