
মুছলমান সমাজত চলি থকা তিনি তালাক প্রথাক লৈ কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ মজিয়াত এই পৰম্পৰাগত প্ৰথাক সমালোচনা কৰাৰ পিছত মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে ঘোষণা কৰে যে তেওঁলোকে কাৰাে কথা নুশুনে। মুছলমান সমাজত পূৰ্বৰে পৰা এই প্রথা চলি আহিছে আৰু ইয়াক কেতিয়াও নিষিদ্ধ কৰিব নোৱাৰে মুছলমান সমাজত । আনহাতে, কেন্দ্রীয় চৰকাৰে তিনি তালাকৰ সমালোচনা কৰাৰ পিছত আজি মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে ইউনিফর্ম চিভিল কোড” বর্জন কৰিব বুলি স্পষ্ট কৰি দিয়ে। যিহেতু ভাৰতত সাংস্কৃতিক বিচিত্ৰতা আছে, গতিকে সকলো ধর্মীয় আৰু সাংস্কৃতিক ভিন্নতাৰ লোকক এক নীতিৰ আধাৰত কেন্দ্রীয় চৰকাৰে বান্ধিব নোৱাৰে বুলিও পাৰ্ছনেল ল ব’ৰ্ডে জনাই দিয়ে। মুছলিম পাৰ্ছনেল ল ব’ৰ্ডৰ সাধাৰণ সম্পাদক হজৰত মৌলানা ৱালি ৰেহমানে আজি এখন সংবাদমেলৰ জৰিয়তে কয়— ‘ইউনিফর্ম চিভিল কোড ৰাষ্ট্ৰৰ হিতৰ নহয়। ভাৰতৰ যিহেতু বহুতো ধর্ম আৰু সংস্কৃতি আছে, গতিকে সকলোকে সন্মান জনােৱা উচিত। সেয়েহে তেওঁলোকে ল কমিছনক বর্জন কৰিব আৰু সংবিধানে দিয়া নিয়ম অনুসৰি নিজৰ অধিকাৰ অনুসৰি কাম কৰি যাব।
0 comments:
Post a Comment