অন্য এক সন্মান :::কাজিৰঙাৰ নামেৰে নামকৰণ নেদাৰলেণ্ডৰ বিমান



বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নামেৰে নামকৰণ কৰা হৈছে নেদাৰলেণ্ডৰ বিমান পৰিবহণ সংস্থা ‘কে এল এম ৰয়েল ডাচ এয়াৰলাইনছ'ৰ এখন বিমানৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙালৈ সন্মান প্রদর্শন কৰিয়ে সংস্থাটােৱে নিউয়র্ক আৰু আমষ্টাৰডামৰ মাজত চলাচল কৰা সংস্থাটােৰ ডেৰ বছৰ পুৰণি বিয়িং ৭৭৭ শীর্ষক বিমানখনৰ নাম ৰখা হৈছে 'কাজিৰঙা নেচনেল পার্ক”। এতিয়াৰ পৰা ‘কে এল এম ৰয়েল ডাচ এয়াৰলাইনছৰ এই বিমানখনৰ সন্মুখভাগৰ কাষত জিলিকি থাকিব কাজিৰঙাৰ নাম। উল্লেখ্য যে ১৯১৯ চনতে জন্ম হােৱা ‘কে এল এম ৰয়েল ডাচ এয়াৰলাইনছ’ হৈছে ইউৰােপৰ এটা অন্যতম পুৰণি বিমান পৰিবহণ সংস্থা। নিজৰ বিমানসমূহক একক আৰু অনন্য নামেৰে নামকৰণ কৰাটাে সংস্থাটােৰ পৰম্পৰাত পৰিণত হৈছে। ১৯২৫ চনত সংস্থাটােৰ এখন বিমানৰ নাম ৰখা হৈছিল ‘কুলহােভেন এফ কে-৩৩ ডিঙ্কে ডির্ক”।ইফালে ‘কে এল এম ৰয়েল ডাচ এয়াৰলাইনছ'ৰ এনে প্রশংসনীয় সূচনাক স্বাগতম জনাইছে প্রকৃতি প্রেমীসকলে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment