জিঅ’ৰ বিশ্ব অভিলেখ::এমাহৰ ভিতৰতে ১৬০ লাখৰো অধিক গ্রাহক



ৰিলায়েন্স জিঅ’ ইনফ’কম লিমিটেডে অলপতে ঘোষণা কৰিছে যে ১৬ মিলিয়নৰ অধিক গ্রাহকেৰে তেওঁলোকে বিশ্ব অভিলেখ গঢ়িছে। এই অভিলেখ তেওঁলোকে গঢ়িছে মাথোঁ এমাহৰ ভিতৰতে। কোম্পানীৰ ফালৰ পৰা প্রকাশ কৰা মতে, জিঅ’ৰ এই গ্রাহকৰ সংখ্যা যিকোনো টেলিকম কোম্পানীতকৈ সর্বাধিক। জিঅ’ৰ এই স্থান ফেচবুক, হােৱাটছএপ আৰু স্কাইএপ আদিৰ সৈতে অন্তর্ভুক্ত হ’ল। ৰিলায়েন্স ইণ্ডাষ্ট্ৰৰ চেয়াৰমেন মুকেশ আম্বানীয়ে কয় যে তেওঁলোক গৌৰৱান্বিত তথা ভাৰতবাসীৰ ওচৰত তেওঁলোক কৃতজ্ঞ। ভাৰতবাসীৰ বাবেই কোম্পানীয়ে জিঅ’তৈয়াৰ কৰিছে। গতিকে জিঅ’ৰ সহায়ত সদায় উন্নত মানৰ সেৱা আগবঢ়োৱাৰ বাবে তেওঁলোক দায়বদ্ধ। ভাৰতৰ সৰু-ডাঙৰ ৩,১০০ চহৰত জিঅ’ৰ ছিম সক্রিয় কৰা হৈছে। এয়া গ্ৰাহকৰ আধাৰ নম্বৰৰ সহায়ত সম্ভৱ হৈ পৰিছে। 



Share on Google Plus

About Unknown

0 comments:

Post a Comment