আজিৰ আবেলিৰ মুখ্য বাতৰি সমূহ ::



১। আজি লক্ষ্মী পূজা। উজনি-নামনিত বানৰ তাণ্ডৱৰ মাজতে ধন-ঐশ্বৰ্যৰ কামনাৰে ৰাজ্যজুৰি দেৱী লক্ষ্মীৰ পূজা-অৰ্চনা।
২। মহানগৰীত অব্যাহত নাহৰফুটুকীৰ আতংক। মালিগাঁৱত গৃহস্থৰ চৌহদৰ পৰাই ৰাজহাঁহ টানি নিয়াৰ পিছত এইবাৰ ফটাশিল আমবাৰীত কুঁৱাত পৰা নাহৰফুটুকী উদ্ধাৰ কৰিলে বন বিভাগে।
৩। NRCত জালিয়াতিৰ অভিযোগত কৰিমগঞ্জত ধৃত AIUDFৰ প্ৰাক্তন উপ-সভাপতি। সন্দেহজনক অনুপ্ৰৱেশকাৰীক নিজ কন্যা বুলি পৰিচয় দি ভোটাৰ তালিকা, NRCত অন্তৰ্ভুক্ত কৰোৱাইছিল নজৰুল ইছলামে।
৪। জম্মু-কাশ্মীৰৰ জাকুৰাত SSBৰ কনভয়ৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। নিহত জোৱান, আৰক্ষীসহ আহত আঠ।
৫। কোকৰাঝাৰত দলবদ্ধ ধৰ্ষণৰ বলি হোৱা ছাত্ৰীৰ আত্মহত্যাৰ চেষ্টাক কেন্দ্ৰ কৰি উত্তেজনা। কৰিমগঞ্জত যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰা পাষণ্ডক উত্তম-মধ্যম শোধালে ৰাইজে।
৬। এইবাৰ মাৰপিটৰ গোচৰত গ্ৰেপ্তাৰ দিল্লীৰ আপৰ বিধায়ক নৰেশ বলিয়ান। দিল্লীৰ আৰ ডব্লিউৰ অধ্যক্ষক প্ৰহাৰৰ অভিযোগত বিধায়কক গ্ৰেপ্তাৰ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment