চীনে বাংলাদেশত কৰিব ডেৰ লাখ কোটি টকাৰ বিনিয়োগ ::ভাৰতৰ বিৰুদ্ধে ‘শিখণ্ডী” কৰাৰ লক্ষ্য চীনৰ



ভাৰতৰ কাষৰ পৰা ম্যানমাৰৰ পিচত বাংলাদেশক আঁতৰাই অনাৰ কৌশল হিচাপে দেশখনত বিপুল পৰিমাণৰ ধন বিনিয়োগ কৰিবলৈ আগবাঢ়িছে চীন। কালি ঢাকাত উপস্থিত হৈ চীনৰ ৰাষ্ট্রপতি জি জিনপিঙে বাংলাদেশৰ সৈতে ২৭ খন দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰি হিচাপত ডেৰ লাখ কোটি টকাৰাে (২৪ বিলিয়ন ডলাৰ) অধিক ধনৰ বিনিয়োগ নিশ্চিত কৰিলে। বাংলাদেশৰ শক্তি খণ্ড, ৰে’ল যোগাযোগ, পথ যোগাযোগ সামৰি আজি ঢাকাত ২৭ খনকৈ চুক্তি ত স্বাক্ষৰ কৰে চীনা ৰাষ্ট্রপতিগৰাকীয়ে। ভাৰতৰ পৰম্পৰাগত বন্ধু ৰাষ্ট্র হিচাপে ৰণনৈতিক কাৰণতে নিজৰ পক্ষলৈ নিয়াৰ লগতে প্রয়োজনত শিখণ্ডী ৰূপত ব্যৱহাৰৰ কৌশল হিচাপে চীনে বাংলাদেশত এই বিপুল পৰিমাণৰ ধন বিনিয়ােগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। বিগত বৰ্ষত ভাৰতে বাংলাদেশক ২ বিলিয়ন ডলাৰ অৰ্থাৎ ১২ হেজাৰ কোটি টকাৰ সাহায্য প্রদানৰ এবছৰ পিচতে চীনে ডেৰ লাখ কোটি টকাৰ সাহায্য প্ৰদানৰ ঘটনা লক্ষণীয়। স্পষ্টতঃ বাংলাদেশৰ এবছৰৰ বাজেটৰ ধনৰ সমান পৰিমাণৰ ধন দেশখনক ঋণ প্রদান কৰি চীনা ৰাষ্ট্রপতিগৰাকীয়ে এই বার্তাই দিছে যে দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক মানচিত্ৰত চীন এক অলংঘনীয় শক্তি। চুক্তি স্বাক্ষৰৰ পাচত চীনা ৰাষ্ট্রপতিগৰাকীয়ে কয় যে ২০১৭ বর্ষ হ’ব চীন-বাংলাদেশৰ বন্ধুত্বৰ বর্ষ। বাংলাদেশ আৰু চীন ভাল প্রতিবেশী আৰু বন্ধু ৰাষ্ট্র। সন্ত্রাসবাদ দমনত দুয়ো দেশে সমানে কাম কৰি যাব বুলি অংগীকাৰবদ্ধ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment