পাকিস্তানক গোপন তথ্য যোগান::নিলম্বিত কাশ্মীৰৰ দেশদ্রোহী ডি এছ পি তনবীৰ আহমেদ

Kashmir DSP Tanveer Ahmed. sending information to agents

পাকিস্তানৰ চৰকাৰী চোৰাংচোৱা বাহিনী আই এছ আইক কাশ্মীৰৰ অশান্ত পৰিস্থিতিৰ মাজতে নিৰাপত্তা সম্পকীয় বহু গোপন তথ্য যোগান ধৰাৰ অভিযোগত এগৰাকী শীর্ষ আৰক্ষী বিষয়াক নিলম্বিত কৰা হৈছে। নিলম্বনৰ সন্মুখীন হােৱা এই দেশদ্রোহী আৰক্ষী বিষয়াজন হৈছে ডি এছ পি তনবীৰ আহমেদ। সশস্ত্ৰ আৰক্ষীৰ নিয়ন্ত্ৰণ কৰাৰ দায়িত্বত থকা ডি এছ পি তনবীৰ আহমেদে কাশ্মীৰ উপত্যকাৰ অশান্ত পৰিৱেশৰ সময়ত কত ক’ত কেনেদৰে নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে, ক'ত ক'ত আৰক্ষী নিৰাপত্তাৰক্ষী আছে, তাৰ সবিশেষ তথ্য পাকিস্তানৰ চােৰাংচােৱা সংস্থাটােক দি আহিছিল।তেওঁ সকলো তথ্য হােৱাটছ, এপএছ টেলিফোনিক বার্তালাপৰ জৰিয়তে প্রদান কৰিছিল। ইতিমধ্যে বিষয়াজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment